পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p2.djvu/৩৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৭০
অসমীয়া সাহিত্যৰ চানেকি।

কৃষ্ণৰ বচনে তান ছেদিলা সংশয়।
মাৰো সংসপ্তকগণ বোলে ধনঞ্জয়।
ৰথ বাহুড়াইয়া যে অৰ্জ্জুন মহাবীৰ।
সহস্ৰেক ৰথ মাৰিলেক একেশ্বৰ॥

দেখি কৌৰৱৰ পাছে মনে মহাৰাগ।
কৰ্ণ দুৰ্য্যোধন সেনা ভৈলা দুই ভাগ॥
আউৰক আউৰে কৰিলেক শৰ চয়।
ভয়হন্তে সাৰথি গুচিলা আতিশয়॥

হেন দেখি কিৰীৰ্টি ধনুক বলে টানি।
সবাহাঙ্কে ধনঞ্জয় পঠাইলেক হানি॥
সেহি শৰে সবাকো ভেদিলা মহাবীৰ।
হয় হস্তী ৰথক কাটিলা বাহু জোৰে॥

টোণ বাণ সবাৰো কাটিলা অঙ্গনাথ।
কাটিলন্ত ধনু সমে ধ্বজ অসংখ্যাত।
অগম্য ভৈলেক ৰণ ঘোৰতৰ ভৈলা।
দেখি মাধৱৰ মনে বিস্ময়ক লৈলা॥

আগে কৰযোৰে বোলে বদতি দৈত্যাৰি
তুমি যে কৰিলা যম কুবেৰ নপাৰি॥
আপুনি সাজিয়া যেবে আসে দেৱৰাজ।
তাহান শকতি নাই কৰে হেন কাজ॥

লক্ষ কোটি সেনা এক লগে ভৈলা হত
এবে ৰথ বাঢ়া যথা আছে ভগদত্ত॥
অৰ্জ্জুনক কৃষ্ণে প্ৰশংসিল মহাশয়।
কৃষ্ণে সম্বোধিয়া মাতিলন্ত ধনঞ্জয়॥

দেখিলাহা সংসপ্তগণক ৰণে হত।
ৰথবাহা যথাত আছয় ভগদত্ত॥
মহামন পবন ৰথত হয় চাৰি।
বায়ুবেগে চলিলা ৰথক চাতি মাৰি॥