পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p2.djvu/৩৩৩

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৫২
অসমীয়া সাহিত্যৰ চানেকি।

মহা মনোহৰ বীৰগণে উক,
 হস্তীৰ মুণ্ড আলয়।
গড়াগড়ি কৰি আছে পড়ি-পড়ি,
 ধৰণী মণ্ড শোভয়॥
অসংখক বন্ধ দেখিতে কুবন্ধ
 ছত্ৰাজ চামৰে ধৰি।
যেন পুষ্পবন শোভে সশোভন,
 পৰম ইচিত কৰি॥
যত বীৰ গণ কৰন্ত ভ্ৰমণ;
 মনত মাহিকে ত্ৰাস।
শৰীৰক ঢাকি বহয় ৰুধিব,
 পুষ্পিত যেন পলস॥
হস্তীগণ যত পৰিলত আত,
 শৰে হুৱা জর্জ্জৰিত।
আকাশৰ মেঘ। খণ্ড খণ্ড হুয়া
 পৰিছে যেন ভূমিত॥
গজ সমূহক নিলা যমলোক,
 প্ৰাণৰ দেখি যতেক।
এৰি পটোআৰ দিলা সবে লৰ,
 পলাইলা কুৰু কতক॥
খণ্ড মেঘগণ ভৈল হন্তী চয়,
 পৰিছে দন্ত প্ৰকটি।
যেন শচীপতি হাতে বজ্ৰ ধৰি,
 পেলাইলা পৰ্ব্বত কাটি॥
মাহত সহিতে কৰি সমন্বিতে,
 আছে অসংখ্যাত হয়।
প্ৰাণ গৈলা চাৰি ৰৈল পৰি পৰি,
 দেখি লাগে মহাভয়॥