পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p2.djvu/৩৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৫১
মহাভাৰত—শল্যপৰ্ব্ব।

ঘোটক সবৰ, খুৰাৰ আঘাতে,
 ভূমি যে আতি শোভয়।
ৰতি সময়ত নখে হুয়া ক্ষত,
 নাৰী যেন প্ৰকাশয়॥
ৰথৰ চক্ৰৰ শব্দ আতি বৰ,
 পদাতি পদ আস্ফালে।
পঞ্চ শবদৰ হস্তীৰ গৰ্জ্জন,
 কাৰ্ণত মাৰয় তালে॥
চতুৰঙ্গ দল  ৰথৰে শবদে,
 শঙ্খৰ শিংহাৰ ধ্বনি।
শুনি অসংখ্যাত পৰিয়া নিৰ্ঘাত,
 নাদয় যেন মেদিনী॥
ধনুৰ টঙ্কাৰ কৰে নিৰন্তৰ,
  খড়গ কৰে চিকিমিকি।
দিশ বিদিশ একো নজানি,
  সুবৰ্ণ কবচ কান্তি॥
বাকী সত্ৰাস দেখন্তে হৰিষ,
  অলঙ্কাৰে সবে সজ।
বীৰ বাহুচয় পৰিয়া আছয়,
 যেহেন ইন্দ্ৰৰ ধ্বজ॥
ৰীৰ শিৰচয় ধৰণী শোভয়,
 শবদ আতি বহল।
যেন বৃক্ষ হন্তে খসি খসি পৰে,
 অসংখ্যাত ভাল তাল॥
কুণ্ডলে মণ্ডিত ৰুধিৰে লিপিত,
 সবে কৰি ৰণ্ডভণ্ড।
মত্ত হস্তীগণ ভাঙ্গিলেক যেন,
 পুষ্পিত পদ্মৰ মণ্ড॥