পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p2.djvu/৩৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৫৩
মহাভাৰত—শল্যপৰ্ব্ব।

বন ভূমি খণ্ড ভৈল ৰণ্ড ভণ্ড,
  মৃতকে আতি দুৰ্গম।
ছিন্ন ছত্ৰ দণ্ড ভৈল খণ্ড খণ্ড,
 ৰুধিৰে ভৈল কৰ্দ্দম॥
শুনা মহাৰায় পাক ভৈল তাত,
 অস্থিয়ে খোলা খাপৰ।
ধ্বজে বৃক্ষ গণ অস্থিৰ পৰ্ব্বত,
  ভূজে চন্দ্ৰ ঘৰে যাৰ॥
ধনু গণে বেগ বহে অবিচ্ছেদ,
  হৱে শিলা খণ্ড যত।
মেদ পজা দুই নিবিড় কৰ্দ্দম,
  ছত্ৰে হংস অসংখ্যাত॥
কবচ পাগুৰি যাই উড়ি উড়ি,
  অসংখ্যাত মনে দেখি।
পতাকা ৰুচিৰ ধ্ৰুব মনোহৰ,
  চক্ৰে চক্ৰবাক পক্ষী॥
ক্ষত্ৰিয় গণৰ আনন্দ অপাৰ,
  দেখি শোণিতৰ নদী।
ডৰুক জনৰ ভয়ে কম্পমান,
  দক্ষিণক বহে ভেদি॥
কুৰু পাণ্ডৱৰ তেজে ভয়ঙ্কৰ,
  বহে নদী খৰৰ্ত্তৰ।
পিতৃলোক লাগি ধাৰায়ে বহয়,
  ভয়ে কম্প কলেবৰ॥
মৃতক জনৰ লাগিয়া কান্দয়,
  অন্য়োঅন্যে বন্ধুগণে।
ভীম অৰ্জ্জুনৰ শৰত পৰিয়া,
  চলিল যমকৰলে॥