পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p2.djvu/৩৩১

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৫০
অসমীয়া সাহিত্যৰ চানেকি ৷

প্ৰথমতে যোৰ লাগিলা সমৰ,
 ধূলাময় অন্ধকাৰ।
ৰাহুতে ৰাহুতে মাহুতে মাহুতে,
 ৰণ ভৈলা পৰম্পৰ॥
মাহত সকলে হস্তীক প্ৰহাৰে,
 কুন্তস্থলে বৰ টানে।
দুৰ্ঘোৰ আতাস পাৰি খেদি যাই,
 মেঘৰ যেন গৰ্জ্জনে॥
শকতি হোমৰ হানে ভয়ঙ্কৰ,
 অন্যো অন্যো বীৰ গণে।
দুঃসহ ক্ৰোধত প্ৰাণে হুয়া হত,
 চলয় যম সদনে॥
হস্তীক হন্তীয়ে দশন প্ৰহাৰে,
 ৰথাক ৰখীয়ে বেঢ়ি।
ঘোটকে ঘোটকে কামোৰা কামুৰি,
 পৰি মৰে জৰাজৰি॥
ৰথাৰ ৰথক যতেক ঘোটক,
 নাবাচ তোমৰ হানে।
ধনুকী ধনুকী একক অলেকে,
 পঠাৱে যম কৰলে॥
কুৰু পাণ্ডুদল কৰে হুলস্থুল,
 মাৰ মাৰ তোল তোল।
দুই খান সাগৰ হুয়া একত্তৰ,
 ৰণৰ যেন আন্দোল॥
অসংখ্যাত হয় বেগে খেদি যাই,
 চামৰে শোভিত আতি।
হেমন্ত গিৰিৰ পাঞ্জৰত যেন,
 হংস চৰে পান্তি পান্তি॥