পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p2.djvu/৩৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

দামোদৰ দ্বিজ।

—০০০—

মহাভাৰত-শল্যপৰ্ব্ব।


দুলড়ী।


জয় জনাৰ্দ্দন পুৰুষ পুৰাণ,
 ভক্ত জন ভয়হাৰী ৷
পুতনা শোষণ অঘ বিনাশন,
 প্ৰণামো দেৱ মূৰাৰি॥
নমো হৃষিকেশ তব পদে দাস,
 তোমাক কৰি প্ৰণতি ৷
বিপ্ৰদামোদৰ কৰি মহাকেলি,
 কৌতুহলে নিগদতি॥
যত লোক চয় দ্বিগজ পৰায়,
 নাপায়া ইহাৰ মৰ্ম্ম৷
জানি বা নাজানি পদনিবন্ধিলোঁ
 মহন্তৰ ক্ষমা ধৰ্ম্ম॥
জানি সভাসদ নুবুলিবা মন্দ
 মই অধমক প্ৰতি৷
কৃষ্ণ কথা জানি শুনা সৱে প্ৰাণী,
 হৰি পদে দিয়া মতি॥
বদতি সঞ্জয় শুনা মহাশয়,
 ধৃতৰাষ্ট্ৰ নৰেশ্বৰ৷
কৃষ্ণ-পাণ্ডৱৰ ভৈলা ঘোৰ ৰণ,
 যথা দেৱ অসুৰৰ॥