পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p2.djvu/৩২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৪৮
অসমীয়া সাহিত্যৰ চানেকি ৷

কৃতাঞ্জলি কৰি আসনৰ উঠিলন্ত৷
গুৰু মানি শঙ্কৰত শৰণ লৈল॥
সাধু সাধু মাধৱক প্ৰশংসা কৰিলা।
দুই হাতে আস্বাসিয় শঙ্কৰে তুলিলা॥

উঠিয়ো মাধৱ তুমি বসিয়ো আসনে।
তোমাৰ কথাত মহা তুষ্ট ভৈলো মনে॥
অনন্তৰে ৰামদাসে লৈলন্ত শৰণ।
অন্যোন্য কৃষ্ণৰ কথা কৰি সম্ভাষণ॥

দিলন্ত তাম্বুল সবে বঙ্গে ভুঞ্জিলন্ত।
নমস্কাৰ কৰি দুয়ো গৃহক গৈলন্ত॥
কথামাতে যান্ত পথে হষিত মন।
মাধৱে বুলি ৰামদাসক বচন॥

পূৰ্ব্ব হন্তে শুনু শঙ্কৰৰ কথা যত।
তথাপিতো কিঞ্চিতেক নধৰো মনত॥
তুমি বৰ আমাক কৰিলা উপকাৰ।
একেতো কুটুম্ব আৰু সুহৃদ আমাৰ॥

টকা দিলোঁ তভো তুমি নিকিনিলা ছাগ।
মহাক্ৰোধে মোৰ মনে মিলিল বৈৰাগ॥
মহা ভাগ্য আসি মোৰ ভৈলা উপাসন।
শঙ্কৰদেৱৰ মই দেখিলোঁ চৰণ॥

কৰিলোঁহো সম্ভাষন শাস্ত্ৰক বিচাৰি।
গুৰু মানি শৰণ লৈলোঁহো দৃঢ় কৰি॥