৭০৮ অসমীয়া সাহিত্যৰ চানেকি। যি এনে যি থানে থাকে, তহিকে পঠান্ত তাকে। যদি যাইবে ইচ্ছা নাই, ততো যায় আজ্ঞা পাই। যদুমণিদেৱে যাই, দেৱ গোপালক পাই। আনন্দৰ সীমা নাই, আছিল এক ঠাই। দেৱ গোপালৰ মন, তাৰু পায়া অনুক্ষণ। প্ৰেমত লোতক ঝৰে, দেখাৰ মন পূৰে। ভয়ে তথা নথাকিলা, পুনু আজ্ঞা মাগি লৈল। শ্ৰীকৃষ্ণ মহাজন, গোপী কৃষ্ণচৰণ। বাসুদেব ৰামকৃষ্ণ, হৰিৰ চৰণ শিষ্ট। মুৰি পৰমানন্দ, ৰামভাৱ নিত্যানন্দ। কায়স্থ পৰশুৰাম, মচৰণ নাম, কনাই পুৰুষোত্তম, ভয় পত্ৰ মনোম। আৰা সবে আতিশয়, লোকত প্ৰখ্যাত হয়। মহাজন ধৰ্মধাৰী, ঠাকুৰৰ আকাৰী। শঙ্কৰ নাভিৰ ঠাই, বাৰম্বাৰ আসে যাই। তা সবে বাৰম্বাৰ, আসি কৰে নমস্কাৰ। দেৱ গোপালক পাই, প্ৰতি অতি বাঢ়ি যাই। প্ৰেমে চিত্ত মুহি থিৰ, বহে নয়নৰ নীৰ। প্ৰেমত হিয়াত ধৰি, বলন্ত বিনয় কৰি। আমাৰেসে মহাভাগ, তোমাকে পাইলে লাগ। এহি চৰণত ৰতি, কৰক আমাৰ মতি। ই দেশত আমি দেৱ, তোমাকে সে কৰে সেৱ। অত্যন্ত তেজস্বী শুদ্ধ, ব্ৰহ্মচাৰী মহাবুধ। কৃষ্ণৰ একান্ত ভৃত্য, ভকতৰ প্ৰিয় মিত্ৰ। আনো বহু গুণশালী, জগতৰ ধৰ্ম্ম পালি। তোত বিয়ে আন, কোন আছে বিদ্যমান। এতেকে সে বাৰম্বাৰ, কৰে আমি নমস্কাৰ। শুনি দেব গোপাল, বহে নীৰ নয়ন। তাসক আম্বাসিয়া, ভাল অন্ন বস্ত্ৰ দিয়া। পৰম আদৰ কৰি, পঠাৱন্ত হৰি অৰি। '
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p2.djvu/২৮৯
অৱয়ব