পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p2.djvu/২৯০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৭০৯ | বংশীগোপাল চৰিত্ৰ। শুনা শুদ্ধ বুধ জন, গোপালৰ গুণ গণ। যাত মহা প্ৰীতি কৰি, বহু লোক গেল তৰি। যাৰ শুদ্ধ তেজ বলে, মহাজন সব জলে। অগ্ৰগণি মহন্ত, দেৱ বংশীগোপাল। পাদ পদ্ম মনে স্মৰি, ডাকি বোল হৰি হৰি। পদ। এহি মতে ফিঞ্চকটা গ্ৰামত থাকতে। মণিপুৰ আৰন্তিয়া শিঙ্গৰি পৰ্যন্তে। যত গ্ৰামী মহন্তৰ থাকি থানে থানে। সবে আসিলেক লোক অনুৰাগী মানে। ৰাজ। জানিবাৰ ভয়ে সবে আলচিয়া। বহু থানে থাকিলন্ত সাৱধানে হুয়া। পূৰ্বৰ ভকত মানে সবে নাশ গৈল। যিব এড়াইলেক তাকে থানে থানে থৈল। পুনু অনুৰাগে ভক্ত ভৈলেক বিন্ত। যদি বা বিদায় দেন্ত হোৱয় অপৰ। যাক বা খেদায়ে কোপ কৰিয়া মনত। সিয়ে দুঃখে কান্দি কান্দি ফুৰয় পাচত। ৰাজ ভয়ে কাহাকো খেদাৱে শপতাই। সিয়োলগ নেড়ে পুনু পাচে পাচে যাই। দেৱৰ বচন এড়ি যাইবো কোন ঠাই। যিতো কোপ কৰে মোৰ সেহি বৰ পাই। ক্ৰন্দন কয় দেখি পাছে স্নেহ কৰি।। দিয়ে খান সিয়ে পাছে থাকে সেৱা কৰি। এহি মতে ভকত ভৈলেক চাৰি শত। বহুত তণ্ডুল লাগে প্ৰতি দিবসত। যিথানত থাকে জোড়ে বহুত গ্ৰাম। অল্প অল্প কৰি মাত্ৰ গায়.হৰিনাম।