পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p2.djvu/২৮৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৭০৭ বংশীগোপাল চৰিত্ৰ। নেদেখি গোপাল মুখ, মহন্ত সব দুঃখ। ভক্তক দেখিবে প্ৰতি, দেৱ গোপাল মতি। ভৈল দেখি শ্ৰীপতি, ভয়ে চিত মুহি থিৰ। আলোচন কৰিলন্ত, নামডাজ এড়িল। নিশা ভাগে লড়িল, | নিশা নিশা আসিলন্ত। বহি গৈয়া নানা ঠাই, | গুপুতে ভকতে চাই। পাছে কতত দিনে যাই, দেখি আতি ভয় নাই। ব্ৰহ্মপুত্ৰে ভটিয়াই, | ফিচাকটা গ্ৰাম পাই।। ভৈল কিছছ মন তুষ্টি, তহিতে হিল উঠি। কতিপয় দিন আছে, লোকে জানিলেক পাছে। দেশত উঠিল কথা, দেৱ হুনু আছে তথা। এহি বুলি আসে ধাই, গুপ্তে সেৱা কৰে যাই। আসে যাৱে লোক যত, নিশা কতো দিবসত। ভণ্ডাৰীয়ে সেহিবেলা, দূত পঠিয়াই দিল। আহোক সকলে লোক, দেৱে ভয় নকৰোক। একে থান বহুকাল, থাকিবাক মুহি ভাল। ৰাজ পথ ত্যজিব, আড় থানে থাকিব। মোৰ দুতে শীঘ্ৰে যাই, আনিবেক পলুৱাই। এহি বুলি দূত গৈল, সবাৰো নিৰ্ভয় ভৈল। যিতো সব অনুৰাগী, নিৰন্তৰে আসে ভাগি। শ্ৰহৰি দেৱক আদি, যত সাধু অপ্ৰমাদি। শুনিলেক যেতিক্ষণ, . উত্ৰাৱল ভৈল মন। হস্তত সন্দেশ ধৰি, আসিলেক শীঘ্ৰ কৰি। বহুত ক্ৰন্দন কৰি, প্ৰেমে চৰণত ধৰি। কৰি নানা স্তুতিচয়, সবে তাপ দূৰ হয়। বৃত্তান্ত যতেক যাৰ, পড়ি কৰে নমস্কাৰ। যেন ভৈলে সূৰ্যোদয়, পদ্ম বিকশিত হয়। তাসৰ দেখি মুখ, দেৱ গোপালৰ সুখ। প্ৰতি বৈষ্ণৱক দেখি, প্ৰেমত থাকয় পপখি। • অমৃত বাক্যক নৰে, .: শুনিলে মন পূৰে।