পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p2.djvu/২৮৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭০৬
অসমীয়া সাহিত্যৰ চানেকি।

হাহা কিনো ভৈলা বুলি উৰ্ম্মি উঠলিল।
দেশে দেশে ভক্ত সবে কান্দিবে লাগিল॥
দেৱ গোপালেসে যেন ভৈল বাপ মাৱ।
তেনয় প্ৰকাৰে সমস্তৰে ভৈল ভাৱ॥
সেহি দেৱ গোপালৰ পদযুগ স্মৰি।
ভণে ৰমানন্দে ডাকি বোলা হৰি হৰি॥

জুমুড়ি।

এহি মতে নিৰন্তৰে,   শোকে দুঃখে ভকতনে।
ক্ৰন্দন কৰতে যাই,   লোতকৰ ছেদ নাই।
এক মাস গৈল যেবে,   শুনি বংশীধৰে তেবে।
মহাদুঃখ ভকতৰ,   গুচাইবাক প্ৰতি নৰ।
গদাধৰ সমে চাই,   দিলা দেৱে পঠিয়াই।
ফুৰি ফুৰি নানা থানে,   সেহি আহি কাণে কাণে।
সমস্ততে কহিলেক,   মনে মনে কহিলেক।
কৰ্ণাকৰ্ণি কহে কথা,   দেৱহুনু আছে তথা।
আন জন মাৰিলেক,   দেৱে তাঙ্ক ৰাখিলেক।
এহি মান মাত্ৰ কয়,   কিন্তু স্থিতি নজনায়।
যেন সূৰ্য্য উদয়ত,   মেঘ থাকে উপৰত।
মেঘৰ নিমিত্তে কেৱ,   নেদেখয় সূৰ্য্যদেৱ।
তথাপিতে প্ৰকাশয়,   গুচয় সকলে ভয়।
তেমন গোপাল দেৱে,   আছি নেদেখয় কেৰে।
তথাপি হৃদয় দৃঢ়,   সবাৰে আনন্দ বড়।
আমাসাক দয়া তৰে,   ৰাখিছে পৰমেশ্বৰে।
যেযানি কি নহে আৰ,   পাইবে দেখা গোপালৰ।
এহি মতে আশা তৰে,   আছা লোক নিৰন্তৰে।
গৈল যদি বৰিষেক,   তথাপিতো নোলাইলেক।
কৈত আছা কেন মতে,   জিজ্ঞাসিলা নানা মতে।
তথাপিতো নপাৱয়,   লোকে সুখ নলভয়।