সমললৈ যাওক

পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p2.djvu/২৭৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৯৩
গীত।

সৎসঙ্গ বিহীনে হৰিকথাৰ অভাৱ।
এতেকে নেদেখে মাধৱৰ দুই পাৱ॥
কহে অনিৰুদ্ধ মূঢ় ভকতি বিহীন।
হৰি কথা বিনে আয়ু ব্যাৰ্থে যাই ক্ষীণ॥

ৰাগ গৌৰী।

শুন শুন পুত্ৰ  বচন যুগুত,
  ৰামে মোৰ প্ৰাণ ধন।
 বোপাই ৰামে মোৰ প্ৰাণ ধন।
 দশৰথ তিৰিজিত,
তাহান বচনে  বনবাসে যাইবি,
  নুহিকে ইতো উচিত॥
মনুয়ে কহিছা  পিতৃত কৰিয়া,
  মাতৃ দশ গুণে ছাৰ।
 বোপাই দশ গুণে মাতৃ ছাৰ।
মই যে বাঁধিলোঁ  বনক যাইবাক,
  নলাগে বপু তোমাৰ॥
বোলে ৰঘুপতি  শুনিয়ো জননী,
  নেড়িবো পিতৃ বচন।
 ঐ আই নেড়িবো পিতৃ বচন॥
পিতৃৰ ৰাজ্যৰ  ঐশ্বৰ্য্য এড়িয়া,
  কৰিবো বনে গমন॥
যদ্যপি বাৰিধি  শুখাই পড়য়,
  সুৰ হয় ভূমি গত।
 ঐ আই সুৰ হয় ভুমিগত।
তথাপি পিতৃৰ  বচন নেড়িবোঁ,
  বুলিলোঁ তযু আগত॥