সমললৈ যাওক

পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p2.djvu/২৭৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৯২
অসমীয়া সাহিত্যৰ চানেকি।

সবে দেশ ভূমি মাৰিলে কাৰ্লে।
তথাপি চেতন নাহিকে ভালে॥
চাৰিয়ো বেদক পঢ়ি সম্প্ৰতি।
তথাপি নমানি কালৰ গতি॥

যাৱে সদ্‌গুৰু উপাসা কৰি।
কৃপাক লভিয়া নভজে হৰি॥
কালৰ চেষ্টাক জানো কমনে॥
কহে অনিৰুদ্ধ অধম জনে।

ৰাগ—শ্যামগড়া।

শুনলো সজন।

হৰি কথা শুনি সদা তুষ্ট হয়ো মন॥
বহিৰ্ম্মুখ ইন্দ্ৰিয়ৰ বশ্য যাৰ মন।
হৃদিত থাকন্তা হৰি হৰ সৰ্ব্বক্ষণ॥
আগতে থাকন্তো ঈশ্বৰক নেদেখয়।
পৰম প্ৰসিদ্ধ কৰি জানিবা নিশ্চয়॥

ঈশ্বৰক নেদেখিবে ইতো কোন হয়।
গতি কৰি আসন্তে চৰণ প্ৰকাশয়॥
হেন চৰণৰ গুণ অলঙ্কাৰ কৰি।
শোভামান হোৱে সাধু সবে যাক ধৰি॥

হেন সাধু সকলক নেদেখে আগত।
বিষয় ৰসত থাকা হয়া উনমত॥
তাসম্বাক নেদেখিবে নাহিকে সংশয়।
তাৰা সবে যিতো মাৰ্গে ভ্ৰমণ কৰয়॥

শ্ৰৱণ পূৰ্ব্বিকা ভক্তি মাৰ্গে প্ৰবৰ্ত্তয়।
দুৰাশয় সবে সিতো পথ নেদেখায়॥
যি জনে নজানে হৰি ভকতি পথক।
সাধু সবো আগতে নেদেখে সিজনক॥