পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p2.djvu/২৭৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৯৪
অসমীয়া সাহিত্যৰ চানেকি।

অযোধ্যা নগৰ   হয় হস্তী ৰথ,
  সমস্তকে তিয়াগিলোঁ।
বাপৰ বচন   শিৰত ধৰিয়া,
  কাণ নাক চমু ভৈলোঁ॥
পিতৃৰ ৰাজ্যৰ   ভোগক এৰিলোঁ
  ফল মুলে কৈলোঁ সাস।
তাকে ভুঞ্জি মহা   সন্তোসে থাকিবো,
  হৰি পদে কৰি বাস॥
অবাধ্য পিতৃ   বচন বাধিলে,
  হাসিবে মোক জগতে।
ৰাজ্য দণ্ড ছত্ৰ   সিংহাসন লভি,
  জীবো তেবে কেন মতে॥
পিতৃৰ বচন   ব্যাজক দেখাই,
  সৎসঙ্গত নিষ্টে কয়।
 গোসাই সৎসঙ্গত নিষ্টে কয়।
কহে অনিৰুদ্ধ   সৎসঙ্গে ৰহিলে,
  ত্ৰিভুবনে কাক ভয়॥

——

ৰাগ মাহুৰ।

 পামৰু মন কাকৰু বিষস বিলাস।
যৈকন ৰিজুৰী,   উজুৰি প্ৰকাশ কৰে,
  নিমিষ অন্তৰে হুই নাশ॥
কোটি কোটি বীৰ,   পৃথিবীতে উপজয়,
  ধনজন বিপদ অপাৰ।
সমস্ত জগত জিনি   অপতন মানে কায়া,
  সেহি তনু হোৱে সাৰ যাৰ॥
কালৰ নিমিষত   জগতে হোৱয় নাশ,
  হেন বৰ দৰিয়া ঠাকুৰ।
ছোট বৰ প্ৰাণী যত   সবাকো সংহৰি নেই,
  দেখিয়ো নেদেখে মন ক্ৰূৰ॥