পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৯৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৯
দ্বাদশ স্বন্ধ।

পৰে বা পিছনে যদি বা ক্ষুধায়ে
 তৃষ্ণায় পীড়িত হুয়া।
নমো হৰি বুলি ডাকি উচ্চকৰি
 মাধৱৰ নাম লৈয়া॥
এতেকেতে তৰে  যতেক পাতক
 অনেক কোটি জন্মৰ।
তাতে লাগে জুই পুৰি ভস্ম হুই
 মহা শুদ্ধ হৱে নৰ॥
যিতো জনে কৰে  কৃষ্ণক শ্ৰৱণ
  কৃষ্ণৰ কৰি কীৰ্ত্তন।
তাহাৰ চিত্তত হোৱন্ত প্ৰবেশ
 ভগৱন্ত নাৰায়ণ॥
এতেক পাতক  পলাই তাৰ যেন
 সূৰ্য্যৰ আগে আন্ধাৰ।
প্ৰচণ্ড বাতাসে যেন উৰুৱাৱে
 যত মানে মেঘ সঞ্চাৰ॥
হৰি কীৰ্ত্তনে সে জানা মহা-বল
 সমস্তৰে হৰে পাপ।
তাতে ব্যতিৰেকে যত আন কথা
 সমস্তে মিছা প্ৰলাপ॥
যিটো বাক্য সবে  কৃষ্ণক নকহে
 নকৰি নাম প্ৰখ্যাত।
সেই মিছা বাক্যে সেই তো অসতী
 অসন্তৰ কথা যত॥
সেহি মহা সত্য সেহি সে মঙ্গল
 সেহি মহা পুণ্যচয়।
কৰে যিতো বাক্যে ঈশ্বৰ কৃষ্ণৰ
 গুণ-নাম অভ্যুদয়॥