পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৯৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯০
অসমীয়া সাহিত্যৰ চানেকি।

সেহি মহাৰম্য মহন্তৰ তাত
 বাঢ়ে প্ৰীতি নৱ নৱ।
মহন্তৰ তাতে প্ৰেম উপজয়
 মনৰো মহা উৎসৱ॥
সেহি সে হৰিষ বঢ়াবে সেহিসি
 শোষয় শোক-সাগৰ।
উত্তম লোকৰ গুণ-যশ গাৱে
 যিতো বাক্যে নিৰন্তৰ॥
নানা ছন্দ পদে ৰচিত সি বাক্য
 শুনন্তে অমৃত–প্ৰায়।
কিন্তু হৰি-যশ জগত পৱিত্ৰ
 নাহিকে যত সদায়॥
কাক-তুল্য যিতো কামী পুৰুষৰ
 জানিবা ৰতিৰ স্থান।
পৰম ভকত যতনে শুনন্ত
 তাত নপাতন্ত কাণ॥
যি কথাত কৃষ্ণ আছন্ত সাক্ষাত
 গুণ মহন্তৰ গতি।
নিৰ্ম্মল ভকত সকলে তাতে সে
  কৰন্ত সদায় ৰতি॥
সেই মহা বাক্যে লোক-সমূহৰ
 পাতক কৰে বিঘাত।
কেশৱৰ যশে অঙ্কিত যি নাম
 প্ৰতি পদে আছে যাত॥
কহন্তা থাকিলে আপুনি শুনয়
 শুনান্ত সকলে আৱে।
সকলেয়ো স্মৰে যি হৰি নামক
 ভকতে দুইৰো অভাৱে॥