পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৯৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৮
অসমীয়া সাহিত্যৰ চানেকি।

নাহি একো শাস্ত্ৰ আৰু ইহাৰ সমান।
মহন্ত সকলে পাৱে প্ৰত্যক্ষ প্ৰমাণ॥
হেন জানি কৃষ্ণৰ চৰণে দিয়া মন।
কৰিয়োক কৃষ্ণ কথা শ্ৰৱণ কীৰ্ত্তন॥
আলে জালে আয়ু নাই হুয়ো সাৱধান।
কৃষ্ণ বিনে নাহি জানা যাতায়াত ত্ৰাণ॥
হে প্ৰাণ প্ৰভু কৃষ্ণ মই মন্দ মতি।
তযু পাৱে ই জন্মত নভৈল ভকতি॥
নপাইলো নিস্তাৰ ইতো সংসাৰ দুৰ্ঘোৰ।
কৰিয়ো চৰণে গতি অগতিৰ মোৰ॥
ইতো নৰ তনু কাল ধৰ্ম্মৰ অধীন।
ন জানোঁঁহো দেহা কৈত পৰে কোন দিন॥
ঘোৰ পৰলোকৰ শুনন্তে লাগে ত্ৰাস।
কৰাঁ হেন কৰুণা দাসৰো ভৈলো দাস॥
নোৰোক ভকত সঙ্গ কৰ্ণে কৃষ্ণ কথা।
হৃদয়ত কৃষ্ণ মূৰ্ত্তি থাকোক সৰ্ব্বথা॥
সুখে দুখে মুখে মোৰ নছাৰোক নাম।
তেবেসে নিস্তৰো সবে বোলা ৰাম ৰাম॥

দুলড়ি।

নিগদতি সুত শুনিয়ো সৌনক
 প্ৰমুখ্যে ঋষি যতেক।
বাহ্ৰয় স্কন্ধৰ যিতো তাত্পৰ্য্য
 শুনিয়ো তাক প্ৰত্যেক॥
হৰি গুণ নাম শ্ৰৱণ কীৰ্ত্তন
 সমস্তে ধৰ্ম্মৰে সাৰ।
বাহ্ৰ স্কন্ধ মিলি আকে প্ৰতি পাদ্যে
 শুনা ফল শ্ৰুতি তাৰ॥