কতেক কহিবো কৃষ্ণ দেৱৰ মহত্ত্ব।
একাদশ স্কন্ধ আৱে শুনিয়ো সাম্প্ৰত॥
বিপ্ৰ শাপ শুনি ভৈলা বংশৰ বিষাদ।
নাৰদে কহিলা নৱ সিদ্ধৰ সম্বাদ॥
ব্ৰহ্মা আদি দেৱে কৰিলন্ত তুতি নুতি।
উদ্ধৱে জানিলা পাচে প্ৰভুৰ যুগুতি॥
কৃষ্ণৰ চৰণে পৰি কৰিলা বিষাদ।
ভৈলা তাতে পাচে কৃষ্ণ-উদ্ধৱ সম্বাদ॥
ৰহস্য ধৰ্ম্মকো প্ৰকাশিলা কৃপাময়।
জ্ঞান কৰ্ম্ম ভকতিৰ কহিলা নিৰ্ণয়॥
বদৰিকাশ্ৰমক পাঠাইলা উদ্ধৱক।
প্ৰভাসত সংহাৰিলা যাদৱ বৰ্গক॥
নিজ ৰূপে বসি শিশু অশ্বত্থ-তলত।
মহাজ্ঞান ভকতি কহিলা উদ্ধৱত॥
দেৱ সবে নিবে আইলা আপোনাৰ থান।
কৰিলন্ত কৃষ্ণে তাতে বৈকুণ্ঠ পয়ান॥
এহি মানে গৈলা একাদশৰ ব্যৱস্থা।
দ্বাদশ স্কন্ধৰ আৱে শুনিয়োক কথা॥
যুগৰ লক্ষ্মণ যুগ ধৰ্ম্ম চাৰি বিধ।
কহিলা কলিত একো ধৰ্ম্মে নাহি সিধ॥
অধৰ্ম্মে কৰিবে আসি কলিত বিপ্লৱ।
হৰি কীৰ্ত্তনে সে তাৰ পাপ পৰাভৱ॥
চাৰি বিধ প্ৰলয় কহিলা মহাভাগ।
পৰীক্ষিত নৃপতিৰ তাতে তনু ত্যাগ॥
সৰ্প সত্ৰ মাৰ্কণ্ডেয় মায়া দৰিশন।
বেদ্ব শাখা ভেদ মহা পুৰুষ লক্ষণ॥
দ্বাদশৰো কথা সবে কহিলোঁ নিশেষ।
কৃষ্ণৰে সে ইতো লীলা চৰিত্ৰ বিশেষ॥
শুনা সমাজিক লোক ভাগৱত কথা।
শুনন্তে সাক্ষাত হোন্ত ঈশ্বৰ সৰ্ব্বথা॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৯৩
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৭
দ্বাদশ স্বন্ধ।