পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৯২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৬
অসমীয়া সাহিত্যৰ চানেকি।

বন বহ্নি পান আৰু প্ৰলম্ব নিয্যাণ
বন জুত্ত হন্তে গোপ গৰু পৰিত্ৰাণ॥
কৰিলা সৰ্পৰ পৰা নন্দক মোক্ষণ।
পাইলা বৰ ব্ৰত আচৰতে গোপীগণ॥
বিপ্ৰক সন্তাপ দিলা পত্নীক প্ৰসাদ।
গোবৰ্দ্ধন ধৰি দিলা ইন্দ্ৰক বিষাদ॥
বৰুণ লোকৰ পৰা নন্দৰ উদ্ধাৰ।
শৰত ৰাতিত কেলি কৰিলা অপাৰ॥
শঙ্খচূড় বধ কেশী অৰিষ্ট নিৰ্য্যাণ।
অক্ৰূৰ গমন ৰাম কৃষ্ণৰ পয়ান॥
ব্ৰজ বন্ধ বিলাপ মথুৰা দৰিশন।
গজ মল্ল মৰণ কংসৰ বিনাশন॥
পিতৃৰ মাতৃৰ বন্ধ মোক্ষ অতিৰেক।
নন্দ প্ৰস্থাপন উগ্ৰসেন অভিষেক॥
সান্দিপনি গুৰুক মৃতক পুত্ৰ দান।
মথুৰাতে কৈলা যদু বংশক সন্মান॥
উদ্ধৱক পঠাই শান্ত কৰি গোপী যত।
কুঁজীক ৰমণ অক্ৰূৰৰ গৃহাগত॥
ৰাম উদ্ধৱক সঙ্গে লৈয়া বহুবাৰ।
কৰিলন্ত বধ জৰাসন্ধৰ সেনাৰ॥
যৱনৰ নিৰ্য্যাণ নিৰ্ম্মিয়া দ্বাৰকাক।
আনিলন্ত পাৰিজাত সুধৰ্ম্মা সডাক॥
যাদৱ বংশৰ মহা মিলন উৎসাহ।
ৰুক্মিণী প্ৰমুখ্যে অষ্ট মহিষী বিবাহ॥
নৰকৰ বধ কন্যাগণৰ হৰণ।
শাল শিশুপাল পৌণ্ড্ৰ সম্বৰ মৰণ॥
পাণ্ডৱক নিমিত্তে কৌৰৱ ৰণে জিনি।
সংহৰিলা হৰি অষ্টাদশ অক্ষৌহিণী॥
আপুনি বেকত হুয়া জগত আধাৰ।
লীলায়ে হৰিলা পৃথিবীৰ মহাভাৰ॥