নাৰীৰূপ ধৰি ত্ৰিদশৰ চিন্তিহিত।
দৈত্যক বঞ্চিয়া দিলা দেৱক অমৃত॥
কৰিলা দুৰ্ঘোৰ যুদ্ধ যত দেৱাসুৰ।
দেৱক জিনাইলা হৰি হুয়া পক্ষপুৰ॥
অদিতিত হন্তে ভৈলা বামন উদিত।
ফুটাইলা কটাহ গঙ্গা ভৈলন্ত বিদিত।
বলীক ছলিয়া দিলা পাতালত থান।
তুষ্ট হুয়া ভকতি প্ৰসাদ দিলা দান॥
ভৈলা তাতে হৰি-লীলা মৎস্য অৱতাৰ।
প্ৰলয় জলত আতি কৰিলা বিহাৰ॥
সত্য ব্ৰতে স্তুতি কৰিলন্ত কৃতাঞ্জলি।
নৱম স্কন্ধৰ শুনা ৰাজ বংশাৱলী॥
ইক্ষাকু কাকুস্থ ঐল শশাদ শৰ্য্যাতি।
খট্টাঙ্গ সগৰ নগ নহুষ যযাতি॥
জনক শান্তনু নিমি সৌৰভি ভৰত।
এসম্বাৰ বংশৰ কহিলা কথা যত॥
ভৈলন্ত পৰশুৰাম নামে অৱতাৰ।
নিঃক্ষত্ৰিয় কৰিলা ভূমি তিনি সাত বাৰ॥
শ্ৰৱণে বিনাশে মহা হৰি তত্ত্বৰিত।
আছে তাতে হেন ৰামচন্দ্ৰৰ চৰিত॥
যযাতিৰ জেষ্ঠ পুত্ৰ যদু নাম যাৰ।
তাহান বংশতে ভৈল কৃষ্ণ অৱতাৰ॥
বসুদেৱ দৈৱকীত হন্তে জন্ম ভৈলা।
কংসৰ ভয়ত নিয়া গোকুলত থৈলা॥
শুনিয়ো দশম স্কন্ধৰ আৱে কথা।
কৰিলা অনেক কৃষ্ণ শিশুলীলা তথা॥
পূতনাৰ সুষিলন্ত স্তনে সমে প্ৰাণ।
শকট উচাট তৃণবৰ্ত্তৰ নিৰ্য্যাণ॥
উৰল বন্ধন বৃক্ষ অৰ্জ্জুন ভঞ্জন।
বক বৎস অসুন্ধক কালীক নিকালন॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৯১
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮
৮৫
দ্বাদশ স্বন্ধ।