পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৯০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৪
অসমীয়া সাহিত্যৰ চানেকি।

নৰকৰ নিস্তাৰ শুকত সুধিলন্ত।
দিলে শুক মুনি ষষ্ঠস্কন্ধত সিদ্ধান্ত॥
শুনিয়োক এবে সম্বন্ধ অনুক্ৰমে।
হৰিৰ নামৰ কৈলা মহিমা প্ৰথমে॥
পুত্ৰ-সঙ্কেতে নাম লৈলা অজামিলে।
মৃত্যুক তৰিয়া বৈকুণ্ঠত আৰোহিলে॥
উপজিল দক্ষ হাসি দশ প্ৰচেতাত।
তাহান কন্যাতে ভৈলা সৃষ্টি অসংখ্যাত॥
পশু পক্ষী যক্ষ নৰ নাগ দেৱাসুৰ।
ভৈলা কন্যা সন্তানে জগত ভৰিপূৰ॥
তাতে আছে চিত্ৰ-কেতু চৰিত্ৰ প্ৰচুৰ।
গৌৰী সাপে তেহোঁ৷ আসি ভৈল বিত্ৰাসুৰ॥
বধিলা বাসৱে কৰি অনেক প্ৰবন্ধ।
বজ্ৰে বৰিষেকে তান ছেদিলন্ত স্কন্ধ॥
শুনিয়ো সপ্তম দিতি দক্ষৰ কন্যাত।
হিৰণ্যক্ষ হিৰণ্যকশিপু ভৈলা জাত॥
জগত কম্পিত দৈত্য হিৰণ্যকশিপু।
ইন্দ্ৰক খেদায়া ৰাজ্য লৈলা দেৱবিপু॥
জগতকে দ্ৰোহ আচৰিলে দুৰাচাৰে।
লৈলা তবো প্ৰাণ নৰসিংহ অৱতাৰে॥
তাৰে পুত্ৰ ভৈল আসি বৈষ্ণৱ প্ৰহলাদ।
মাধৱৰ হন্তে পাইলা পৰম প্ৰসাদ॥
সদায়ে নছাৰে মহা হৰিক হৃদয়।
বাহিৰে ভিতৰে যিতো দেখে হৰিময়॥
মহাভাগৱত আৰু নাই যাত পৰে।
শুনিয়ো অষ্টম স্কন্ধ আত অনন্তৰে॥
মনন্তৰ চৰিত্ৰ গজেন্দ্ৰ বিমোক্ষণ।
ভৈল হয়গ্ৰীৱ অৱতাৰ নাৰায়ণ॥
কুৰ্ম্ম-ৰূপে মন্দৰ ধৰিলা পিঠি পাতি।
দেৱাসুৰে সাগৰ মথিলা দিনে ৰাতি॥