পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৮৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮১
দ্বাদশ স্বন্ধ।

দ্বাদশ স্কন্ধ।

পদ।

ভাগৱত ধৰ্ম্মক প্ৰণামো প্ৰথমত।
প্ৰণামো কৃষ্ণক যাৰ অচিন্ত্য মহত্ত্ব॥
ভকত বিপ্ৰক প্ৰতি কৰোঁ নমস্কাৰ।
কৰোঁ সনাতন ধৰ্ম্মচয়ক প্ৰচাৰ॥
শুক নিগদতি শুনা সৌনক প্ৰস্তুত।
কহিলোঁ তোমাত কৃষ্ণ কথা অদভুত॥
যিতো ধৰ্ম্ম পুৰুষৰ শুনিতে উচিত।
সম্প্ৰতি তোমাত তাক কৰিবোঁ বিদিত॥
সঙ্খেপে কহিবোঁ কথা বাহ্ৰয় স্কন্ধৰ।
তাক এক চিত্তে শুনা মুনি নিৰন্তৰ॥
প্ৰথমে প্ৰথম স্কন্ধ কৰো উপাখ্যান।
মহা হৰি কৃষ্ণ যাত দেৱতা প্ৰধান॥
যাত হন্তে হোৱে জগতৰ সৃষ্টি লয়।
হেন গোপ্য ব্ৰহ্ম ভৈলা প্ৰথমে উদয়॥
কহে জ্ঞান-কাণ্ড তাত বিজ্ঞানে সহিত।
ভৈল তাতে বিৰকতি ভকতি বিদিত॥
বদৰিকাশ্ৰমে ভৈলা নাৰদ প্ৰবেশ।
ব্যাসক দিলন্ত ভাগৱত উপদেশ॥
কহিলন্ত তাতে অশ্বত্থামাৰ মূণ্ডন।
ব্ৰহ্ম অস্ত্ৰ হন্তে পৰীক্ষিতৰ ৰক্ষণ॥
প্ৰেমভাৱে কৃষ্ণক কৰিলা কুন্তী স্তুতি।
কৃষ্ণৰ আগত ভৈলা ভীষ্মৰ মুকুতি॥
ভৈলা অন্তৰ্য্যান ৰাজা বিপ্ৰ শাপ শুনি।
পাতিলা সমজ্যা আনি অসংখ্যাত মুনি॥
শুক পৰীক্ষিতৰ সম্বাদ ভৈল তথা।
নৃপতি পুছিলা পাচে ভাগৱত কথা॥

১১