কহিবাক আৰম্ভিলা মহা ভাগৱত।
দুতীয় স্কন্ধৰ আবে শুনিয়ো সাম্প্ৰত॥
কহিলন্ত স্থুল সুক্ষ্ম ধাৰণা যুগুতি।
যেন মতে পাৱে ক্ৰমে পৰম মুকুতি॥
বিৰাট ৰূপকো শুকে কহিলা ৰাজাত।
ব্ৰহ্মা নাৰদৰ ভৈল সম্বাদ তথাত॥
যেন মতে সৃষ্টি হোৱে প্ৰকৃতিত হন্তে।
মদ অহঙ্কাৰ ভৈল ইন্দ্ৰিয় পৰ্য্যন্তে॥
কহিলা কৃষ্ণৰ যত অৱতাৰ কথা।
তৃতীয় স্কন্ধৰ আবে শুনিয়োক কথা॥
বিদুৰে উদ্ধৱে ভৈল প্ৰথম সম্বাদ।
কৃষ্ণৰ নিৰ্য্যাণে ভৈল দুইৰো বিষাদ॥
কহিলা বিদুৰে মৈত্ৰেয়ত তত্ত্ব-জ্ঞান।
আছে তৃতীয়তে মহা পুৰুষ সংস্থান॥
যিতো প্ৰপঞ্চ প্ৰকৃতিত হোৱে জাত।
চৌবিশ তত্ত্বৰো সৃষ্টি কহি আছা তাত॥
যি মতে ব্ৰহ্মাণ্ড স্ৰজে কহিলন্ত তাকে।
বৈৰাজ পুৰুষ যেন মতে বহি থাকে॥
তাতে কহি আছে স্থূল-সূক্ষ কাল-গতি।
ভৈলা তাতে ব্ৰহ্মা নাভি পদ্মে উতপতি॥
তৃতীয়তে কহিলা বৰাহ অৱতাৰ।
তাতে হিৰণ্যক্ষ বধ ধৰণী উদ্ধাৰ॥
স্বয়ম্ভু মনুৰ শতৰূপ ভাৰ্য্যা তান।
দেৱা-হুতি কন্যা কৰ্দ্দমক দিলা দান॥
তাতে হন্তে ভৈলন্ত কপিল অৱতাৰ।
জ্ঞান-দানে কৈলা দেৱ হুতিক নিস্তাৰ॥
কহিলা মাতৃত গোপ্য ভকতিক কথা।
চতুৰ্থ স্কন্ধৰ আবে শুনিয়োক কথা॥
নৱ প্ৰজাপতি তাতে ভৈল উতপতি।
কৰিলা কন্দল দক্ষ সমে পশুপতি॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৮৮
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮২
অসমীয়া সাহিত্যৰ চানেকি।