পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৮৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮০
অসমীয়া সাহিত্যৰ চানেকি।

ক্ষণে ক্ষণে আয়ু যায় তথাপি চেতন নাই
 যাবে সবে ঘোৰ নৰকত।
যমৰ কিঙ্কৰে খাবে যাতনাত প্ৰাণ যাবে
 হৰি বিমুখৰ কেন হোক॥
ভকতি বিহীন যিতো তাৰ ধৰ্ম্ম কৰ্ম্ম সিতো
 সবে বৃথা শাস্ত্ৰৰ সন্মত॥
যি দেৱত কৰ আশ তাৰে আছে মৃত্যু ত্ৰাস
 আনক ৰাখিবে কোন মত॥
জানিয়া বিশ্বাস কৰি দেৱৰ দেৱতা হৰি
 তাক স্মৰি নিস্তৰিয়ো সুখে।
শুন শুন সভাসদ দেন্ত আপনাৰ পদ
 নাম মাত্ৰ লৱে যিতো সুখে॥
মহাপাপী অন্ত্যজাতি যাৰ নাম লৈলে আতি
 ছিঙ্গে তাৰ ঘোৰ কৰ্ম্ম বন্ধ।
হেন মাধৱক ত্যজি আন দেৱতাক ভজি
 দেখিয়ো নেদেখে কিনো অন্ধ॥
বাল্মীকি আছিল চোৰ  কৰিলে পাতক ঘোৰ
 দেখা দাসী তনয় নাৰদ।
সিয়োৰাম নাম ঘুষি ভৈলন্ত পৰম সুখী
 পাইলা সুখে পৰম সম্পদ॥
মহাপাপী অজামিল সিয়ো নামে নিস্তৰিল
 বৈকুণ্ঠক উঠিলা বিমানে।
আশ্চৰ্য্য আশ্চৰ্য্য নৰে সংসাৰ তাপত মৰে
 হেন হৰি নাম বিদ্যমানে॥
ব্ৰহ্মা হৰ আদি কৰি দেৱৰো দেৱতা হৰি
 ধৰ্ম্মৰ উপৰি ৰাজা নাম।
পাপক মাৰিয়ে বাৰি অন্তক পলাক ছাড়ি
 ডাকি সবে বোলা ৰাম ৰাম॥