পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৭৮১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৭৮৩
গুৰুলীলা।

দামোদৰ বোলে,   কালৰূপে হৰি,
  সংহৰিলে সমুদাই।
হৰি যি কৰিবে,   তাক নিবাৰিবে,
  আনৰ সমৰ্থ নাই।
হেন বাক্য শুনি,   শঙ্কৰে বুলিলা,
  মনত হৰিষ কৰি।
জানা যেবে হৰি,   কৰিলন্ত তেবে,
  থাকা মন ৰঙ্গ কৰি।
আপুনি সৰ্ব্বজ্ঞ   কি কবো তোমাক,
  মন স্থিৰ কৰিয়োক।
শুধৰ্ম্মক চাই   লোকক কৃপায়,
  ভক্তি ধৰ্ম্ম ৰাখিয়োক!
হেন বাক্য শুনি   বেলন্ত আপুনি,
  উচিত তোমাৰ বাক্য।
আমাৰ মনত   আছয় সৰ্ব্বথা,
  কৃষ্ণ কথা কহিবাক।
এহি হৌক বুলি   শঙ্কৰ গোমস্তা,
  তথা হৈতে গৃহে গৈলা।
তৈৰ পৰা পাছে   আসি দামোদৰে,
  মুকুন্দ শুনা বুলিলা
শুনিয়ে মুকুন্দ   আমাৰ বচন,
  হৰি কথা কহো আমি।
ভেতিজা সবিতে  পৰম আনন্দে,
  ৰৈলা দামোদৰ স্বামী।
এই হোক বুলি   মুকুন্দ ভাতিজে,
  তথাত ৰৈলা হৰিষে।
কৃষ্ণ কথামৃত   পাছে দামোদৰে
  কহিলন্ত অহৰ্নিশে।