পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৭৮২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৭৮৪
অসমীয়া সাহিত্যৰ চানেকি।

ভাগৱত ধৰ্ম্ম   অতি অনুপম,
  প্ৰৱৰ্ত্তাইলা মহামতি।
যাহাৰ শ্ৰৱনে   জন্ম অন্ধ গুচে,
  নাবাচে জাতি অজাতি।
সৰ্ব্ব ধৰ্ম্ম সাৰ   ধৰ্ম্ম ভাগৱত,
  কলি মল ধূমকেতু।
নাহিকে প্ৰয়াস   ভকতৰ ধন
  এহিসে তৰণ হেতু
সৰ্ব্ব ধৰ্ম্ম ৰজা   সাবতে যে সাৰ
  জানি ধৰা বুধজন।
শুনিব মাত্ৰকে   তাপ পাপ হৰে
  বিষয় বিষ নিৰ্য্যাণ।
বৈকুণ্ঠব শাস্ত্ৰ   জানা ভাগৱত
  দামোদৰ ৰূপে হৰি।
আপুনি পঢ়িয়া   লোকে প্ৰচাৰিলা,
  শুন সবে কৰ্ণ ভৰি।
ইকথা থাকোক   আত অনন্তৰে,
  শুনিয়োক যেন কথা।
শঙ্কৰে বেলন্ত   শুনা দামোদৰ,
  ভক্তি বিনে সবে বৃথা।
ভাগৱত বিনে,   হেনয় ভকতি
  শোভা নকৰয় আতি।
তযু মুখে আজি   শুনি ভাগৱত,
  সন্তোষ ভৈলোঁ সম্প্ৰতি॥
জন্ম সাম্ফলিলোঁ   তযু সঙ্গ পায়,
  সবে ধৰ্ম্ম ভৈল পূৰ।
যেন জানা দুগ্ধ   স্বভাৱে মধুৰ,
  মধু সঙ্গে স্বাদ বৰ।