পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৭৮০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

৺কলিৰাম ৰায় দাস।


গুৰুলীলা

দুলড়ী

এহি মতে তৈতে   আছা দ্বিজবৰ,
  পৰম সন্তোষে আতি।
পাছে যেন কথা   তথাত ভৈলেক
  শুনিয়োক কৰ্ণ পাতি।
শঙ্কৰ সহিতে   বসিয়া হৰিয়ে
  কহয় ধৰ্ম্ম ভাগৱতী।
হৰি কথা তথা   শুনন্ত সৰ্ব্বথা
  শঙ্কৰেয়ো কৰ্ণ পাতি।
কত দিনে পাছে   দামোদৰ পত্নী,
  জন্মাইলন্ত কন্যাখানি।
প্ৰসুতি বায়ুৰে   শৰীৰ পীড়ায়ে,
  তেজিলা প্ৰাণ আপুনি।
পাছে কন্যা খানি   মৰিলেক তথা,
  দামোদৰে দেখিলন্ত।
মনত হৰিষে   ভাৰ্য্যাৰ তথাত,
  প্ৰেতকাৰ্য্য কৰিলন্ত।
প্ৰেত কাৰ্য্য কৰি,   তথা হন্তে পাছে,
  শঙ্কৰৰ পাশে গৈলা।
দামোদৰ আগে,   পত্নী মৰিবাৰ,
 শঙ্কৰে পাছে পুছিলা।