পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৭৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৭৫৩ মহাভাৰত—শল্যপৰ্ব। বন ভূমি খও ভৈল ৰণ্ড ভণ্ড, মৃতকে অতি দুৰ্গম। ছিন্ন ছত্ৰ দণ্ড ভৈল খণ্ড খণ্ড, ৰুধিৰে ভৈল কৰ্দম। শুনা মহাৰায় পাক ভৈল তাত, অস্থিয়ে খোলা খাপৰ। লজে বৃক্ষ গণ। অস্থিৰ পাৰত, ভূজে চন্দ্ৰ ঘৰে যাৰ। ধনু গণে বেগ | বহে অবিচ্ছেদ, হৱে শিলা খণ্ড যত। মেদ পজ। দুই। নিবিড় কৰ্দম, ছত্ৰে হংস অসংখ্যাত। কবচ পাগুৰি | যাই উড়ি উড়ি, অসংখ্যাত মনে দেখি। পতাকা ৰুচিৰ ধ্ৰুব মনোহৰ, | চক্ৰে চক্ৰবাক পক্ষী। ক্ষত্ৰিয় গণৰ আননদ জাপাৰ, দেখি শোণিতৰ নদী। উৰুক জনৰ ভয়ে কম্পমান, দক্ষিণ বহে ভেদি। কুৰু পাণ্ডবৰ তেজে ভয়ঙ্কৰ, বহে নদী খৰৰ্ত্তৰ। পিতৃলোক লাগি। ধাৰায়ে বহয়, ভয়ে কম্প কলেবৰ। মৃতক জনৰ লাগিয়া কান্দয়, অন্যোন্য বন্ধুগণে। ভীম অৰ্জুনৰ শৰত পৰিয়া, চলিল যমকবলে।