পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৭৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৭৫৪ অসমীয়া সাহিত্যৰ চানেকি। যু সেনাচয় ভীম ধনঞ্জয়, শুহিলেক শৰে হানি। পচে দুই ভাই শৰীৰৰ বলে, | কবিল। শব ধ্বনি। ধৃষ্টদ্যুম্ন বাৰ। | শ্ৰীখওি সহিতে, | নৃপতিক অগকবি। শল্য নৃপতিক কবে ঘোৰ ধনু ধৰি। মাদ্ৰীৰ তনয় তাস্ত্ৰ শস্ত্ৰ ধৰি কৰে। দেখি কুৰু সেনা। | পলাই গৈল নিৰন্তৰে। পাণ্ডব শবে লাগি খেদি গৈল, ক্ৰোধে গৈলা ধাই, ভৈলা সেনাবেনা, কাটে নানা মতে, কুৰু কতকৰ শিৰ।। ভৈল হাহাকাব তোমাৰ সেনাব, ভয়ে নোহে কেহো থিৰ। ভাইক ভাই এৰি। পলাই লৱৰি, পুত্ৰক এৰিয়া বাপে। মাতুল ভাগিন | এৰি বন্ধুগণ, ভয়ে পলাই জাকে জাকে। এৰিয়া সমস্ত, হয় হস্তী ৰথ। পলাই মাত্ৰ প্ৰাণ ৰাখি। গুচিল হৰিষ। | গৈলা দশোদিশ, সমৰ ভূমি উপেক্ষি। ৰণ ভূমি খান | কৰিলো বৰ্ণন, যথা মতি অনুসাৰে। মোক মূৰ্ত জানি | নিন্দা নকৰিবা, সাধুসব নিৰন্তৰে।