সমললৈ যাওক

পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৭৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৭৫১ মহাভাৰত—শল্যপৰ্ব। ঘোটক সব ৰতি সময়ত ৰথৰ চক্ৰৰ পঞ্চ শবদৰ খুৰাৰ আঘাতে, ভুমি যে আতি শোভয়। নখে হুয়া ক্ষত, নাৰী যেন প্ৰকাশয়। শব্দ আতি বৰ, পদাতি পদ আস্ফালে। হস্তীৰ গৰ্ডন, কাৰ্ণত মাৰয় তালে। ৰথৰে শবদে, শঙ্খৰ শিংহাৰ ধ্বনি। পৰিয়া নিৰ্ঘাত, নাদয় যেন মেদিনী। কৰে নিৰন্তৰ, খড়গ কৰে চিকিমিকি। চতুৰঙ্গ দল শুনি অসংখ্যাত ধনুৰ টঙ্কাৰ দিশ বিদিশ | একো নজানি, বাসুকী সত্ৰাস। বীৰ বাহুচয় সুবৰ্ণ কবচ কান্তি। | দেখন্তে হৰিষ, অলঙ্কাৰে সবে সজ। পৰিয়া আছয়, যেহেন ইন্দ্ৰৰ ধ্বজ। ধৰণী শোভয়, শবদ আতি বহল। খসি খসি পৰে, অসংখ্যাত ভাল তাল। বীৰ শিৰচয় যেন বৃক্ষ হন্তে কুণ্ডলে মণ্ডিত | ৰুধিৰে লিপিত, | সবে কৰি ৰণ্ডভণ্ড! মত্ত হস্তীগণ ভাঙ্গিলেক যেন, পুষ্পিত পদ্মৰ মণ্ড।