পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৭৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৭৩৯
ভক্তি প্ৰেমাৱলী।

যিকালত স্ৰজিলন্ত আদি নিৰঞ্জন।
সিকালত পুত্ৰ কৈত পাইলা কোনজন॥
মায়ায়েসে মায়াব পাশ কৰি বন্দী।
যেন নাকে বিন্ধি বলধিক আছে ছান্দি।
পুল ভাৰ্য্যা ধন জন স্নেহ দৰশাই।
তাত পাছে ওপজয় এৰণ নযাই॥
জানি পুত্ৰ ভাৰ্য্যা তাত জীৱো আশকতি।
কৃষ্ণৰ চৰণ কৰা একান্ত ভকতি॥
মাধৱৰ অংশ জীৱ জানি আপোনাক।
জগতৰে আত্মা কৃষ্ণ ভজিয়ো তাহাক॥
কাল অজগৰে গিলে তিলেক মৰণ॥
কৃষ্ণৰ চৰণে লোৱা একান্ত শৰণ॥
কৃষ্ণ বিনে ইষ্ট বন্ধু জানা আন নাই।
বোলা হৰি হৰি ঘোৰ সংসাৰ এৰাই॥