চক্ষু অধিষ্ঠাতা চন্দ্ৰ সূৰ্য্য দুই ভাই।
কৰ্ণ অধিষ্ঠাতা যে অয্যমা সমুদাই॥
নাসিকাৰ অধিস্থাতা অশ্বিনী কুমাৰ।
বাক্য অধিষ্টাত শুতাশন নাম যাৰ॥
বল অবিস্থাতা জানা বায়ু সৰ্বজ্ঞান।
জিভা অধিষ্ঠাতা আসি ভৈলন্ত বৰুণ॥
হস্ত অধিষ্ঠাতা ভৈলা ইন্দ্ৰ সুৰপতি।
পদে বিষ্ণু গুহে দিশ লিঙ্গে প্ৰজাপতি॥
থানে থানে দেৱতাক দ্বাৰী কৰি দিলা।
যাৰ যেন পৃজা ভাৱে ভাবে নিয়োজিলা॥
উৰ্দ্ধদেশে অধিকাৰ তুমি পশুপতি।
মধ্যথান অধিকাৰ বিষ্ণু মহামতি॥
অধ্যোভাগে অধিকাৰী তুমি হেন ব্ৰহ্মা।
তিনি ভাগে তিনি দেৱ দিলো জানুকৰ্ম্মা।
প্ৰকৃতিক পাতিলোঁ সবাৰো অধিকাৰী।
তযু হাতে সমৰ্পিলো বোলে দেৱ হৰি॥
মায়া বলে জগতক কৰিলা স্ৰজন।
যেন মতে মোৰ নাভাগয় সৃষ্টিখান॥
আৰু এক বাক্য বোলো তোমাৰ আগত।
যিটো জন হোৱে মোৰ একান্ত ভকত॥
সিতে ভকতত মায়া নাপাতিবা সতী।
মোৰ প্ৰিয়তম সিটো জানিবা সম্প্ৰতি॥
শুনা সভাসদ ইটো মহা ভাগৱত।
কৃষ্ণৰ মুখৰ ইটো বাক্য সাৰোগত॥
ভক্তিসে প্ৰধান বস্তু জানিবা সৰ্ব্বজন।
কৰা সৰ্ব্বজনে কৃষ্ণ চৰিত্ৰ কীৰ্ত্তন।
অনেক সংযোগে নৰ তনু আছা পাই।
নুহিকে শাশ্বত ইটো ক্ষেণিকে পৰায়॥
পুত্ৰ ভাৰ্য্যা ধন জন যত অভিলাষ।
কালে পাইলে একতিলে হৈবে সৰ্ব্বনাশ॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৭৩৬
অৱয়ব
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৭৩৮
অসমীয়া সাহিত্যৰ চানেকি।