পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৭৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

ভূষণ দ্বিজ।


 শঙ্কৰদেৱৰ জীৱন চৰিত্ৰ।

ইকথা থাকোক শুনা আত অনন্তৰ।
যিমতে মাধৱ শিষ্য ভৈল শঙ্কৰৰ॥
বণ্ডুকাত ভাতৃ আছে তথাতে গৈলন্ত।
কিছুমান বিত্ত তৈৰ পৰা আনিলন্ত॥

কতোদিন কাছে মহা হৰিষে মনত।
আসিয়া শৰৎকাল ভৈল উপগত॥
মনত বোলন্ত লাগে দেবী পূজিবাক।
পঠায়ো ৰামদাসক ছাগল কিনিবাক॥

শুনা বোলে বহিনাই কৰা মোৰ বাণী।
দুই গোটা ছাগল কিনিয়া দিয়ো আনি॥
মই যাও হাতক তাম্বুল বেসাইবাক।
নকবা বিলম্ব লাগে দেবী পূজিবাক॥

এহি বুলি ৰামদাসৰ হাতে টকা দিলা।
বেসাতি আনিতে প্ৰতি আপুনিও গৈলা॥
বাম দাসে টকা হাত পাতিয়া লৈলন্ত।
ছাগল কিনিবে প্ৰতি ছলিয়া গৈলন্ত॥

ছাগলক অম্বেষে ফুৰন্ত গ্ৰাম পশি।
শঙ্কৰৰ আগে গৈয়া মিলিলা হৰিষি॥
শঙ্কৰক দেখিল আসনে আছে বসি।
গৌৰাঙ্গ শৰীৰ যেন পূৰ্ণিমাৰ শশী॥