পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৬৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৭৪
অসমীয়া সাহিত্যৰ চানেকি।

স্বভাৱ গুণৰ বলে,   কৰাৱয় অবিকলে,
  নুহিকই আপুনি স্বতন্ত্ৰ।
বোৱাৰীৰ ইছা যেন,  গাওঁ ফুৰিবাক চাহে,
  মিছায়ে কৰয় তন্ত্ৰ মন্ত্ৰ॥
দুই হস্ত কাক্য পায়ে,   নিয়মিয়া এক ঠায়ে,
  মাধৱৰ ধ্যান চলে থাকে।
মনে স্মৰে অমুকাৰ   স্ত্ৰী আছে মনোহৰ,
  কেন মতে পাওঁ মই তাকে॥
বিশিষ্ট মোদক প্ৰাণ   কেনে মিলে মোৰ থান,
  প্ৰচুৰ কৰিয়া ধন বিত্ত।
এহিটো দাম্ভিক তাতি,   পূজা লয়ে কপাট পাতি,
  আকে তাৰ শুদ্ধ নোহে চিত্ত॥
মুখ চক্ষু নাসা কাণ   জিহ্বা কৰি এক থান,
  মনে ঈশ্বৰত নিয়া ধৰে।
বাহিৰে বিষয় যাক,   হস্তে পায় বক্ষে আকে,
  অনুকুলে সবে ভোগ্য কৰে॥
মই কৰো ৰঙ্গ মনে,   নকৰয় থানে থানে,
  ঈশ্বৰ অধীন হুয়া থাকে।
বাহিৰে বিষয় ত্যাগি,   মনে যিতো অনুৰাগি,
  আত কৰি ভাল দেখো তাকে॥
জানি নিত্য কৰ্ম্ম যত,   কৰা তুমি অভিমত,
  কৰ্ম্ম কৰান্তাসে শ্ৰেষ্ঠতৰ।
সৰ্ব্ব কৰ্ম্ম এৰে যেবে,  জানিবা মোক্ষৰ তেবে,
  নৰৈবেক এহি কলেৱৰ॥
সাখ্যং শাস্ত্ৰ তত্ত্ব জানি,   কেহো কেহো বোলে বাণী,
  কৰ্ম্মে পুনু বদ্ধ কৰে আতি।
তত্ত্ব নাজানিয়া কথা,   কহি মাত্ৰ ফুৰে সদা,
  নুশুনিবা তাক কাণ পাতি॥