পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৬৭৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৭৫
গীতা-কীৰ্ত্তন।

মাধৱৰ আৰাধন   বিনে যত কৰ্ম্মগণ,
 সংসাৰত সুখ দুখ দুই।
উদ্যোগী বিস্তৰ প্ৰতি,   কৰ্ম্ম কৰে মোৰ নিতি,
 সিতো কৰ্ম্মে বৈকুণ্ঠক নেই॥
এবে তুমি হেন জানি,   বিষ্ণুৰেসে প্ৰিতি মানি,
 নিত্য কৰ্ম্ম কৰা যত যত।
নলৈবাহা ফল ধৰ্ম্ম তাৰ,   জানিয়া বচন সাৰ,
 মোহোৰ এহিসে অভিমত॥
শুনা আৰো কহো কথা,   ব্ৰহ্মায়ে কহিলা যথা,
 পূৰ্ব্বে প্ৰজা স্ৰজি প্ৰজাপতি।
নানা যজ্ঞ সমন্বিতি,   শুনা সবে এক চিতি,
 মোৰ বাক্যে কৰিবাহা ৰতি॥
এৰি নানা যজ্ঞ কৰা,  আমাৰ বচন ধৰা,
 পুত্ৰে পৌত্ৰে বাত্যিবাস ফল।
নেদেখিবা আক অল্প   নোহে মোৰ ব্ৰহ্মা কল্প,
 অভিমত পাইবা তেবে ফল॥
যজ্ঞ দেৱগণ জয়া,   মোৰ বাক্যে সবে প্ৰজা,
 তেবে দেৱগণ হুইবে তুষ্টি।
বাঢ়িবাহা ধনে জনে,   যাবে চন্দ্ৰ সূৰ্য্য মানে,
 অনুকুলে কৰিবেক বৃষ্টি॥
দেৱতাৰ বৃষ্টি জলে,  শষ্য বাঢ়ে অবিকলে,
 দেৱক নেদিয়া যিতো খাই।
দুৰ্জ্জন টেণ্টন আতি,  সেৱা লয়ে কপট পাতি,
 সেহিজন জানা চোৰ প্ৰাই॥
স্ৰজন্তে কতেক পলু,   পিম্পৰা মৰিয়া যাই,
 কাটন্তে কতেক বীজ হানি।
ৰান্ধন্তে যতেক কীট   পতঙ্গ পৰিয়া মৰে
 কলসৰ পৰি পৰি পানী॥