সংশয় জনৰ বাণী, বুলি যেন চক্ৰপাণি,
মোহে যেন কৰে মোৰ মন।
কৰ্ম্ম যেন অনুসৰি, এক গোটা নিষ্ট কৰি,
উপদেশ দিয়া নাৰায়ণ॥
তযু উপদেশ পাই, আতি অপ্ৰয়াসে যাই,
তৰো যেন সংসাৰ সাগৰ।
বাক্য শুনি অৰ্জ্জুনৰ, কৃপাময় দামোদৰ,
হাসি হাসি বুলিলা উত্তৰ॥
দ্বিতীয় অধ্যায়ে জানি, অধিকাৰি ভেদ মানি,
কহিলা আদি বিদ্ধ প্ৰকাৰ।
মন শুদ্ধ ভৈল যাৰ, জ্ঞান যোগ কৈলো তাৰ,
আমাক চিন্তিবে বাৰে বাৰ॥
শুদ্ধ নোহে যাৰ মন, বিষয়ক ঘনে ঘন,
চলে মোৰ ভিতিক নযাই।
কৰ্ম্ম যোগ তাক লাগি, কহিলও মাত্ৰ ত্যাগি,
চিত্ত শুদ্ধি কৰণ উপাই॥
অৱশ্য বিহিত যত, সমৰ্পিয়া ঈশ্বৰত,
কৰ্ম্ম যোগ নকৰয় যায়ে।
নাহি তাৰ চিত্ত শুদ্ধি, নুপজয় জ্ঞান বুদ্ধি,
কেন মতে সিতো জ্ঞান পায়ে॥
সকলে জ্ঞানক এৰি, জ্ঞানকো নিন্দয় বেঢ়ি
মুকুতিক কৰয় প্ৰবন্ধ।
মোৰ এহি অভিপ্ৰায়, তাৰ পুনু মোক্ষ নাই,
নুগুছে নুগুছে ভয় বন্ধ॥
কোননো পুৰুষ আছে, যোগী বা জ্ঞানীবা পাছে,
কৰ্ম্ম নকৰিয়া ক্ষেণ মাত্ৰ।
থাকিবাক কৰে ইচ্ছা, তাহাৰ দৰপ মিছা,
সিতো কোন নৃপতিৰ পাত্ৰ॥
৮৫