পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৫৮৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

________________

৫৮৮ তাসমীয়া সাহিত্যৰ চানেকি! দৈৱৰ নিবন্ধ কৰ্ম্ম নাযাই খও। কালিৰ গাৱত পৰে লগাইৰ চৰণ।। সাক্ষী কৰে কালি নাগে যত দেৱগণ। আপোনাৰ দোষে লইব মিলিলা মৰণ। কালি বোলে চন্দ্ৰ সূৰ্ণ তোৰ। হেবা সাক্ষী। এক তিল পাপ মোত দেখিতে নেদেখি। ব্ৰহ্মা বিষ্ণু মহেশ্বৰ তোৰা তিন জন। আপুনাৰ দোষে লখাইব মিলিল। মৰণ॥ সপ্ত সৰ্গ সাক্ষী কৰে সপ্ত যে পাতাল। সপ্ত দ্বীপ সাক্ষা কৰে কাল যে বিকাল॥ ডাক দিয়া সাক্ষা কৰে যত তীগণ। ধৰ্ম্ম কৰ্ম্ম সাক্ষী কৈলা যত বসুগণ। কষ্টমন কৰি নাগে কোন কৰ্ম্ম কৈলা। প্ৰদীপৰ তৈল নিয়া লাঞ্জই মাজিলা। সাবধানে দিল। লখাইৰ আঙ্গুলি উপৰ। লক্ষণ গতি তাতে ছাৰিলা ঠোকৰ॥ ৰাম ৰাম বুলি লখাই ছাৰিলেক ডাকি। উঠা প্ৰাণেশ্বৰী বুলি মাতে বেহুলাক। বাহিৰ হৈতে চাহে কালি মেৰৰ ভিতৰে। হাতত কাটা পৰিলেক লাঞ্জৰ উপৰে। লাঞ্জ কাটা গৈল কালি পলাইলা লৱৰে। বেহুলা বেহুলা বুলি মাতে লখিন্দাৰে। উঠা উঠা প্ৰিয়া বুলি বিনয়ে লখাই। কালনিদ্ৰা হৈয়া বেহুলা চেতন নপাই। সুকবি নাৰায়ণ দেৱৰ সৰস পাঞ্চালী। লখাইৰ কান্দন বুলি এক ৰচিলা লেঢ়াৰ