পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৫৮৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

________________

বেহুলা-লক্ষীন্দৰ। ৫৮৭ দুই চক্ষু ডাকিবে লখাই সৰগৰ তৰা। নাক গোট ডাকিবে বাচা ঢেৰৰ পাকৰা। মুখত ডাকিবে। লখাই জ্বলয় দৰ্পণ। জিভা খন ডাকিবে বাচ। আৰাৰ বৰণ॥ দশনত ডাকিবে লখাইৰ গুৰুৰে ভ্ৰমৰা। গল গোট ডাকিবে বাচাৰ ভুঙ্গাৰৰ নল।। দুই বাহু ডাকিবে বাচা মোলনৰ নাৰি। দশ গাঙ্গলি ডাকিবে লখাইৰ চম্পাফুলৰ কাৰ। পিঠিত ডাকিবে বাচা সুৰুজৰ চটা। বুকুত ডাকি েলখাইৰ চন্দনৰ পটা। কঙ্কালে ডাকিবে। লখাই হৰৰ ডম্বৰু। দুই উৰু ডাকিবে বাচা দলি সমসৰু॥ আই ডাকিবে লখাই সুবৰ্ণৰ ঘিলা। দুই কুম ডাকিবে। বাচা কেতকীৰ দিল। দুই ভৰি ডাকিবেঁ। লখাইৰ খবম জুৰিয়া। এহি বুলি কান্দে কালি গুণক বৰ্ণাইয়া। সমলত শৰীৰ বাচা গণিয়া চাহিলো। তিল মাত্ৰ দোষ তোৰ শৰীৰে নপাইলো। তথাপিতো আচৰীব লাগে অজ্ঞা বাণী। কিমতে এৰাইবে। আমি পৰাধীন প্ৰাণী॥ সুকৰি নাৰায়ণ দেৱৰ সৰস পাঞ্চালী। কালিৰ ক্ৰন্দন বুলি একযে লেচাৰী। দিহা--কালি হৱা সাবধান। যি নাম স্মৰণে-- হৱে পাপ বিমোচন | এত সব কালি নাগে মনত ভাবিয়া। লখাইৰ শিখৰে নাগ গৈলেক চলিয়া।