পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫১
একাদশ স্কন্ধ ৷

সমকো অমৃত  তোমাৰ চৰিত
 শুনে মাত্ৰ যিতো নৰে৷
পায় প্ৰেম ভাৰ নেৰে তযু পাৱ
 বিষয়ক পবিহৰে॥
শয়নে ভোজনে স্নান গোপ্য স্থানে
 সদা সেৱা কৰোঁ আমি।
তোমাক নেদেখি ৰাখি প্ৰাণ প্ৰভু
 কি মতে বঞ্চিব স্বামী॥
মই পিন্ধু ছাৰ বস্ত্ৰ অলঙ্কাৰ
 তোমাৰ উচ্ছিষ্ট খায়৷
দমায় আছোঁ চিত্ত ইটো বিপৰীত
 তৰিৰোঁ দুস্তৰ মায়া॥
জ্ঞানীগণ সুখে ইন্দ্ৰিয়ক দমি
 কাম ক্ৰোধ মোহ জিনি৷
যিতো ব্ৰহ্ম পদ পায়া প্ৰভূ পুনু
 তাহাতে আছে বিঘিনি॥
আমি মহা মুঢ় গৃহ বাসী সুখে
 সঙ্গ লৈয়া ভকতৰ।
তোমাৰ চৰিত্ৰ কথা শুনিলাতে
 তৰিবোঁ মায়া দুস্তৰ॥
তযু পদ পদ্ম হৃদয়ে ধৰিয়া
 গাৱে গুণ নাম গীত।
এতেকে মুকুতি অপ্ৰয়াসে পায়
 হেনসে আছিল চিত॥
চৰণ ছত্ৰৰ ছায়া সেৱে যিতো
 সিতো এৰে ইতো তাপ।
হেন পাৱ এড়ি ক্ষণেকে নিজীৱ
 সঙ্গে নিও মোক বাপ॥