এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫০
অসমীয়া সাহিত্যৰ চানেকি ৷
ত্যজিয়া নিশ্বাস চাপিলন্ত পাশ
সন্তাপে আকুল ভাৱ।
বিৰল থানত পবি প্ৰণমিল।
শিবে পশিয়া পাৱ।
কৃষ্ণৰ বিয়োগে অগনি উধাই
হৃদয় দগধ কবে।
শোকে মকমকি কৰন্ত ক্ৰন্দন
নয়নৰ নীৰ ঝৰে।
কতক্ষণে আসি মুখ মুছি পাছে
উঠিল নমায় মাগ।
কৃতাঞ্জলি কৰি বুলিবে লাগিল।
শোকে গদ গদ মাত।
বংশক সংহবি এড়ি ভূমি তুমি
যাবে জানিলোঁহো আমি।
ঋষি শাপ বাপ বৃথা নকৰিলা
সি হেতু জগত স্বামী।
তোমাৰ চৰণ নেদেখি ক্ষণেকে
থাকিবে নোৱাৰোঁ হৰি।
তুমি এড়িলতে ছাৰি প্ৰাণ প্ৰভু
অৱশ্যে যাইৰ মৰি।
তুমি তপ পুণ্য তুমি বিনে শূন্য
দেখো ইতো ত্ৰিজগত।
কাৰ্পূণ্যে সে কৰোঁ চৰণত ধৰোঁ
নিওক মোক লগত।
তোমাৰ চৰণ পঙ্কজ পূজিতে
কতো পুণ্যে পালে লাগ।
বাপ জগন্মাথ নকৰা অনাথ
ভকতক পৰিত্যাগ॥