পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫২
অসমীয়া সাহিত্যৰ চানেকি।

সৱে পৰিহৰি চৰণত ধৰি
 তোমাক কৰিলো সাৰ।
তুমি এড়িলাত হে বন্ধু মাধৱ
 দিনতে দেখো আন্ধাৰ॥
হে প্ৰাণনাথ নকৰা অনাথ
 দন্তে ধৰোঁ খেৰ তুলি।
তোমাৰ বিয়োগ প্ৰাণ ধৰোঁ কিক
 দেখা মোক মাৰে পুৰি॥
এহি বুলিলন্ত উদ্ধৱ মহন্ত
 আতি প্ৰেম অনুৰাগে।
অনেক কাতৰ  কৰিয়া কান্দন্ত
 পৰিয়া কৃষ্ণৰ আগে॥
নয়নৰ নীৰ ধাৰায়ে বহয়
 শোকতে আকুল ভাৱ।
কহু কাকুতি  কৰিয়া কান্দন্ত
 ধৰিয়া কৃষ্ণৰ পাৱ॥
ই হেন অৰুণ চৰণ দুখানি
 ত্যজি যাব কেন মতে।
মাধৱ বান্ধৱ নমাৰা সমূলি
 নিয়োক মোক লগতে॥
এই বুলি পাৱে পৰিয়া কান্দন্ত
 অনেক কাৰুণ্য ভাৱে।
দশে দিশ দুখে দেখন্তে আন্ধাৰ
 চেতন নাহিক গাৱে॥
ভকতৰ দুঃখ দেখি ভগৱন্ত
 ভৈলন্ত নেত্ৰ সজল।
অসন্তোষে কিছু চপৰাই মাথ
 সঙ্কোচি মুখ কমল॥