পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৯
একাদশ স্কন্ধ

ক্ষণেক নপাইলে প্ৰেম ওপজয়
 অনুৰাগে গাৱে গুণ।
সাৰ্থক জনম লভিলেক গোপী
 সখী সব শুন শুন॥
হেন সম্ভাষণ কৰে নবীগণে
 আনন্দে কৃষ্ণক চাই॥
গজ গতি লীলা লয় লাসে চলি
 ৰঙ্গে যান্ত যদুৰায়॥
দধি দুৰ্ব্বাক্ষত নানা উপায়ন
 কুসুম চন্দন গন্ধে।
পদূলি পদূলি দ্বিজগণে পূজে
 কৃষ্ণক মহা প্ৰৱন্ধে॥




একাদশ স্কন্ধ।
দুলড়ি।



নিগদতি শুকে কথা অনন্তৰে
 শুনা নৃপ পৰীক্ষিত।
পৰম ভকত উদ্ধৱে বুঝিলা
 কৃষ্ণৰ সৱ ইঙ্গিত॥
দেখি বিমঙ্গল আকলিল মনে
 মাধৱৰ ভক্তি কায।
কুলক সংহাৰি বৈকুণ্ঠে চলিবে
 এড়িবে দ্বাৰকা ৰাজ॥
হা কৃষ্ণ স্বামী বোলন্তে,লোতক,
 নয়নৰ পৰা পৰে।
শৰাৰত শোক অগনি উধাৱে
 মনে মহ চৰ্ম্ম চড়ে॥