সমললৈ যাওক

পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৮
অসমীয়া সাহিত্যৰ চানেকি।

পৰম প্ৰেমত মনে আলিঙ্গিল
 আনন্দে দ্ৰবিল চিত্ত।
নেত্ৰৰ লোত ধাৰে বহি যায়
 তনু ভৈল ৰোমাঞ্চিত॥
এড়াইল কৃষ্ণৰ নিমিত্তে যতেক
 আছিল মনত তাপ।
চৰণ পঙ্কজ পূজিলেক মনে
 তেজিয়া আন আলাপ॥
কতক্ষণ মানে আছিলেক চিন্তি
 চৰণত চিত্ত দিয়া।
কৃষ্ণ দৰশনে মনে মহোৎসৱ
 আনন্দে নধৰে হিয়া।
প্ৰীতি-প্ৰফুল্ল মুখ পদ্ম ভৈল
 মথুৰা-নাগৰী যত।
অঞ্জলি ভৰিয়া কুসুম বৰিষে
 হৰিষে কৃষ্ণ-শিৰত॥
অন্যো অন্যে নাৰী সম্বোধি কহয়
 ৰাম মাধৱক চাই।
গোপী সব সম ভাগ্যৱতী আউৰ
 ই তিনি লোকত নাই॥
পূৰ্ব্ব জন্মে সিটো ব্ৰজ বালা আছে
  কতনো তপ আচৰি।
দোভাইৰো সুন্দৰ বদন পদ্মক
 দেখে নিতে নেত্ৰ ভৰি॥
মধুৰ অধৰ সুধাৰস পীয়ে
  কৃষ্ণক কৰে আলাপ।
এই পাদ পদ্ম স্তনত অৰ্পিয়া
 এড়াইল সংসাৰ-তাপ॥