পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৭
দশম স্কন্ধ।

সুনাসিকা মুখ অলকে আবৃত
 যেন শ্যাম পদ্ম কোষ।
নেত্ৰ ভূঙ্গ ভৰি পীয়ন্তে পৰম
 মনত মিলে সন্তোষ॥
যেহি যেহি অঙ্গে গৈয়া দৃষ্টি পড়ে
 তাতে লাগে যেন ধ্যান।
অমৃত পড়িয়া যেন জুড়াই আসে
 তনু মন জীৱ প্ৰাণ॥
মথুৰা নাৰীৰ  কিনো ভাগ্যোদয়
 মিলিলেক মহা ভাগ।
দেৱৰো দুৰ্ল্লভ যিটো কৃষ্ণ তাঙ্ক
 হাততে পাইলেক লাগ॥
ৰাজ-পথে চলি যান্ত গজ গতি
 লীলায়ে ৰাম মাধৱ।
সমস্ত নাৰীৰ মন নয়নৰ
 বঢ়ায়া মহা উৎসৱ॥
হসিত বয়নে সদয় নয়নে
  কটাক্ষে কৃষ্ণে চাহন্তে।
তাসম্বাৰ মন  কমল নয়ন
 হৰিলা কৃষ্ণে একান্তে॥
যাৰ ৰূপ গুণ বিক্ৰম কথাক
 শ্ৰৱণে আছিলে শুনি।
হেনয় কৃষ্ণ প্ৰত্যক্ষে দেখয়
 নয়ন ভৰি আপুনি॥
কৃষ্ণৰ কটাক্ষে অমৃত সিঞ্চিল
 পাইল সবে মহামান।
নয়নৰ পথে আনন্দ মূৰ্ত্তিক
 হৃদয়ে কৰিল ধ্যান॥