পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৬
অসমীয়া সাহিত্যৰ চানেকি।

আছিল পীয়ন্ত স্তন শিশুকো এড়িল।
কৃষ্ণক দেখিবে লাগি গৃহত চড়িল॥
জমজুমে নাৰী সবে মহা প্ৰেম ভাৱে।
এক দৃষ্টি কৰি ৰাম মাধৱক ঢাৱে॥
মধুৰ মৃৰ্ত্তিক দেখি নভাবয় আন।
অমৃত পড়িয়া যেন জুড়ায় তনু প্ৰাণ॥
ৰূপৰ সম্পতি দেখি চিত হুয়া ভোল।
চতুৰ্ভিতি কৰে জয় জয় কৃষ্ণ ৰোল॥
কৃষ্ণৰ কিঙ্কৰে কহে শুনা সভাসদ।
পাপৰ দাহক মহাভাগৱত পদ॥
কৃষ্ণৰ পৰম লীলা সংসাৰতে সাৰ।
এহিসে কৰিবে কাল-নদীত নিস্তাৰ॥
এড়িলা পৃথিবী কৃষ্ণে ধৰ্ম্ম-জ্ঞান লই।
গৈলা বৈকুণ্ঠক ঐত নাম গুণ থই॥
যেন গতি পাৱে পূৰ্ব্বে কৃষ্ণ দৰশনে।
পাৱে আবে ততোধিক কলিত কীৰ্ত্তনে॥
আপোনাৰ হিত চিন্তা তেজি আন কাম।
নেড়িবা মুখত ৰাম কৃষ্ণ হৰি নাম॥
যদি নাম দুৰাচাৰ চণ্ডালো উচ্চৰে।
তাহাবো তেখনে সংসাৰৰ বন্ধ হৰে॥
গীতা ভাগৱত ইটো শাস্ত্ৰৰ সন্মত।
কৃষ্ণ সে পৰম দেৱ জানা সাৰ তত্ত্ব॥
পৰম ৰহস্য ধৰ্ম্ম কৃষ্ণ-গুণ-নাম।
হেন জানি বোলা নিৰন্তৰে ৰাম ৰাম॥

নিগদতি শুক শুন পৰীক্ষিত
 যেন কথা আতপৰ।
কৃষ্ণক নিৰীক্ষি নাৰী সব আছে
 চৰিয়া গৃহ ওপৰ॥