পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৫২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

________________

৫২১ কথা-গীতা। নিশ্চল হুয়া ৰহে, তেখনে মোক্ষক লভিবা। সেই জ্ঞানীব লক্ষণ জানিতে, অৰ্জ্জুনে পুছন্ত। হে কেশৱ, স্থিতপ্ৰজ্ঞব কি লক্ষণ, কেমন বচন, আচৰণ, ব্ৰজন, তাক : মোত কহা। ভগৱন্তে বেলন্ত, জানা তৰ্জুন, সাধক পুৰুষৰ যি জ্ঞান সাধন, সিদ্ধৰ তাকে লক্ষণ বুঝিবা। এতেকে সিদ্ধৰ লক্ষণ সব শুনা, যেখন পুৰুষে যত্নে অত্মসুখত তুষ্ট হুয়া ক্ষুদ্ৰ বিষয় ভিলাষ এড়ে, তেখনে তাক স্থিতপ্ৰজ্ঞ বুলি। আবে। তাৰ কিছু লক্ষণ শুনা, দুখতো মনে ক্ষোভ নহে, সুখতো স্পৃহা নকৰে কাহাতে প্ৰীতি ভয় নকবে, এমনে ‘স্থিতপ্ৰজ্ঞৰ লক্ষণ কাক বোলে’ প্ৰশ্নৰ উত্তৰ কহন্ত। কোনো ঠাই স্নেহ নাচবে, যেন কুৰ্ম্মে অনায়াসে কৰচৰণমুখক সঙ্কোচ কৰে, তেমনে জ্ঞানীয়ো আন বিষয়ৰ পৰা ইন্দ্ৰিয়ক বাখে। যদি বোলা ইন্দ্ৰিয়সবৰ বিষয়ত অপ্ৰবৃত্তিয়ে স্থিতপ্ৰজ্ঞৰ লক্ষণ হৈবাক নৰিহে। জৰ, আতুৰ, উপবাসপৰবৰ বিষয়ত প্ৰবৃত্তি দেখি, তাত শুনা। জৰ আদিৰ বিষয়ত অপ্ৰবৃত্তি দেখি, তথাপি তাৰাৰ মনত বিষয়ৰ ৰাগ থাকে, স্থিতপ্ৰজ্ঞৰ পুনু সিয়ো নাই। ইন্দ্ৰিয় নিয়মন নহৈলে স্থিতপ্ৰত ঘটে, এতেকে সাধক অৱস্থাত মহাযত্ন কৰিতে লাগে। বিবেকী জনৰে৷ মোক যত্ন কবিতেও ক্ষোভক ইন্দ্ৰিয়সব হঠাতে মনক হবে। এতেকে যোগী ইন্দ্ৰিয়ক নিয়মি মৎপৰ হুয়া বহিব। যাৰ ইন্দ্ৰিয় অধীন হৈল, তাৰ বুদ্ধি স্থিৰ হৈল জানিবা। আসন প্ৰৰো আতে উত্তৰ বুঝিবা। বাহ ইন্দ্ৰিয় নিয়ম নহৈলে, দোষ কহি। মন নিয়ম নকৰিলে দোষ কহন্ত। গুণ বুদ্ধি বিষয়ক চিন্তিলে পুৰুষৰ তাতে আসক্তি হয়। তেবে তাত কাম জন্মে, কামৰ প্ৰতিঘাটে ক্ৰোধ হয়। ক্ৰোধ হৈলে কাৰ্য্য অকাৰ্য বিবেক গুচে। তেৰে তাৰ শাস্ত্ৰ আচাৰ্য্য উপদেশত ভ্ৰম হয়, তেৰে পুৰুষৰ বুদ্ধি নাশ হয়; বুদ্ধি নাশ হৈলে মৃতক সম হয়। যদি বোলা ইন্দ্ৰিয়সব সততে বিষয়ত প্ৰৱৰ্ত্তে তাক নিৰোধন অশ্য এতেকে ই দোষ এড়া নাযায়; কেমনে স্থিতপ্ৰজ্ঞ হৈব, তাত শুনা। যাৰ মন ইন্দ্ৰিয় বশবৰ্তী হৈল, সি ৰাগ দ্বেষ এড়ি বিষয় ভোগ কৰিতেও শান্তিক লভে। শান্তচিত্ত পুৰুষৰ সকল দুখ নষ্ট হয়, বুদ্ধিয়ে স্থিৰ হয়। অজিতেন্দ্ৰিয় পুৰুষৰ শাস্ত্ৰ আচাৰ্যৰ উপদেশেও আত্মা বিষয় বুদ্ধি ঘটে, ধ্যানো নাই, ধ্যান নহৈলে শান্তিয়ো নাই। শান্তৰ কৈত মোক্ষ হয়, আৰ হেতু শুনা। ইন্দ্ৰিয় বন্য নহৈলে স্বেচ্ছায় বিষয়ত প্ৰৱৰ্ত্তে, তাৰ মধ্যত একে ইন্দ্ৰিয় মনে পুৰুষৰ বুদ্ধি হবে, সকল ইন্দ্ৰিয় হৰিব তাক কি বুলিম যেন প্ৰমত্ত কৰ্ণধাৰ হৈলে বায়ুয়ে নৌকাক সৰ্বতো ভ্ৰমাই, তেমনে তাজ্ঞানীৰ মনো বিষয়ত ফুৰে। এতেকে যাৰ ইন্দ্ৰিয়সব বিষয়ত হন্তে সততে নিবৰ্তন হৈল, তাকে স্থিতপ্ৰজ্ঞ বুঝিবা। যদি বেলা সুপ্ত হেন সকল