________________
৫২২ তাসমীয়া সাহিত্যৰ ঢানেকি। ইন্দ্ৰিয় ব্যাপাৰ শূন্য কোনো জন নেদেখি, এতেকে ই লক্ষণক আমি সম্ভাবিবে ন পাৰি, তাত শুনা যি ব্ৰহ্মনিষ্ঠাত সকল লোকব ব্যাপাব নাই, তাতে যিতো জিতেন্দ্ৰিয় হুয়া জাগি থাকে, যি বিষয় নিষ্ঠাত লোকসৰ প্ৰৱৰ্তে তাত বিবেকীসবে। ব্যাপাৰ নকবে। যেন দিনান্ধ উল্কসব বাত্ৰিতেসে দেখে, দিনত চক্ষু মেলি থাকিতেও নেদেখে, তেমনে বিবেকীসবে! আহাবাদি কৰিতেও ব্ৰহ্মতেসে দৃষ্টি, বিষয়ত নথাকে। যদি বোলা বিষয়ত দৃষ্টি নহৈলে কেমনে ভোগ কৰে তাত শুনা। যেন নানা নদী পূৰিত সমুদ্ৰক অন জলসব প্ৰবিষ্ট হয়, তথাপি সাগৰে মৰ্যাদা নেবে, তেমনে বিবেকীক বব্ধ কষ্মে বিষয় ভোগ কবাই কিন্তু স্বৰূপত চালিবে নপাৰে, সেই জনে মোক্ষ লভে, কাম ভোগপবে নাপাই। এতেকে যি প্ৰাপ্ত কামভোগ সব এড়ি, তাপ্ৰাপ্ততো পৃহা নকৰি অহঙ্কাৰ মমকাৰ তেজি আত্মক মন দিয়া প্ৰবন্ধ ভোগে, যি মিলাৱে তাকে ভোগ কবে সেই জনে মোক্ষ লভে। তাকে উপসংহৰি কহন্ত ঈশ্বৰ আৰাধিতে এই ব্ৰহ্ম নিষ্ঠাক ঈশ্বৰ প্ৰসাদে পায় পুৰুষ সংসাৰি নহে, সততে ব্ৰহ্ম নিষ্ঠাত থাকি সংসাৰী নহৈব তাক কি বুলিম। তান্তকালত ক্ষণমাত্ৰ এই ব্ৰহ্মনিষ্ঠাত বহি ব্ৰহ্মানন্দ লভে। যি ভগৱন্তে শোক পঙ্কময় অৰ্জুন ভক্তক সাংখ্যযোগ উপদেশে উদ্ধাৰ কৰিলা, সেই কৃষ্ণ মঞি শৰণ পশিলো। হে সামাজিকসব দেখ ভগৱন্তৰ লোকক কুপ। তাজ্জনক উপলক্ষ কৰি সকল লোক তৰিবাক প্ৰতি গীতশাস্ত্ৰ কহিলা। এতেকে যি সুবুদ্ধি হয় তেবে সত্বৰে হৰিক ভজা। আয়ু পুনু পদ্মপত্ৰ জল সম স্থিৰ নহে। হে কৃষ্ণ ভক্তৱসল কৰুণাসাগৰ যেমনে তোমাৰ চৰণ পদ্মত মোৰ মন ভ্ৰমৰ ৰহে তেমনে দায়ী কৰা। কৌটিবাৰ প্ৰণাম কৰি কাৰ্পণ্য কৰে।। সামাজিক সবে ডাকি হৰি বোল হৰি।