মুখত পল্লৱ ফল শোভা কৰে আতি।
সুৱৰ্ণৰ গছত ঘৃতৰ জলে বাতি॥
আলিপনে লিপিল বিচিত্ৰ যত স্থলী।
চৰে সমে আছ পুতি তাম্বুল কদলী॥
পতাকা চিৰলচয় ৰঞ্জে শাৰী শাৰী।
বস্ত্ৰ অলঙ্কাৰে ৰঞ্জি ফুৰে যত নাৰী॥
যেহি দিগি চায় যেন সূৰ্য্যৰ জৱতি।
প্ৰকাশন্তে কাছে যেন দুতি অম্ৰাৱতী॥
হেন নগৰত পশি গোপগণ সঙ্গে।
ৰাজপথে চলি যান্ত ৰাম কৃষ্ণ ৰঙ্গে॥
ৰাম কৃষ্ণ আসন্তে লোকৰ গলা ৰাৱ।
শুনি নৰ নাৰীৰ মিলিল মহোৎসৱ॥
বঝাই লৱৰন্তে আথেবেথে আনন্দত।
চড়ে চাহিবাক লাগি গৃহ ওপৰত।
কৃষ্ণক দেখিবে আতি উত্ৰাৱল চিত্ত।
পিন্ধে বস্ত্ৰ অলঙ্কাৰ কৰি বিপৰীত॥
কণ্ঠত মুকুট কঙ্কালত সাতসৰি।
আঙ্গুলিত উঝণ্টি কেয়ুৰে ৰঞ্জে ভৰি॥
এক কৰ্ণে কুণ্ডল কঙ্কণ এক কৰে।
আসে বিমোহিত হুয়া বস্ত্ৰো নসম্বৰে॥
অঞ্জনে ৰঞ্জিল মাত্ৰ এগোটা লোচন।
বঝাই লৱড়ন্তে কতো তেজিয়া ভোজন॥
কতো কুড় কষাই ঘষি আছিল শৰীৰে।
নকৰিল স্নান কতো তৈল লৈয়া শিৰে॥
পিন্ধিল নূপুৰ মাত্ৰ কতো এক পাৱে।
কৃষ্ণক দেখিতে বঝাই বিমোহিত ভাৱে॥
কতো কৃষ্ণ আসিবাৰ শুনি মন তুষ্টি।
দিলেক লৱড় ঘুমটিৰ পৰা উঠি॥
সোলকে বসন বেশ নসম্বৰে কেশ।
কৈৰা কৃষ্ণ বুলি চেঞায় বাতুলৰ বেশ॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৫১
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৫
দশম স্কন্ধ।