সমললৈ যাওক

পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৫১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৫০৮
অসমীয়া সাহিত্যৰ চানেকি।

 এতেকে লোকে শ্ৰীকৃষক শ্ৰৱণ কীৰ্ত্তন কবিব। যাতো যোগীসবে প্ৰাণ মন ইদিক দমি যোগ অভ্যাসে যাক পাৱে, তাক শত্ৰুসৰে বৈৰ ভাৱে স্মৰণতে পায়াছে। গোপীসবে কামভাৱে স্মৰণতে পায়। আমি বেদগণো সমভাৱে তোমাৰ চৰণ চিন্তি তাক পায়াছি। তোমাৰ স্মৰণৰ এহয় মহিমা মাগী কাম বৈৰী সমদৰ্শী সবাকে তোমাক পৰাৱে। হে পৰমেশ্বৰ! তোমাক জনাও দুস্কৰ, যাতে তুমি পূৰ্ণ সিদ্ধ, ইদানিক লোকে কেমনে জানিব। তোমাত হন্তে সে ব্ৰহ্মা জাত ভয়ছি।। ব্ৰহ্মাৰ পাচতেসে দেৱতা হুয়াছ। এতেকে তোমাৰে লোকৰে অনেক অন্তৰ। প্ৰলয়ত যদি বিস্তৰ অন্তৰ নাই, তথাপি তাত জ্ঞান সাধন কাৰ্য্য কাৰণ দেশ কাল পাত্ৰ কিছো নেদেখি। এতেকে তোমাত এক শৰণ লৈয়া শ্ৰৱণাদি ভক্তি হে সুকৰ, জ্ঞান সুকৰ নহে। যাতে উপদেশ দাতাতে। বিস্তৰ ভ্ৰম দেখি। তত শুনা, বৈশেষিকসবে অসন্ত জগতৰ উৎপত্তি কহে। পাতঞ্জলসবে সন্ত ব্ৰহ্মৰে জন্ম কহে, নৈয়ায়িকসবে অসন্ত ঈশ্বৰ বিনাশ কৰে, সাংখ্য মতে আত্মাৰ ভেদ কহে, মীমাংসসবে কৰ্ম্মফলকে নিত্য কহে। যদি জ্ঞানময় পুৰুষ হয় তেবে সবে ঘটে, সি পুনৰ জ্ঞানতেসে বোলে। তুমি পৰমেশ্বৰত অজ্ঞান নঘটে, এতেকে আমি তোমাৰ নাম লৈয়া কৈসানিনো মুক্ত হৈবো? যদি বেলা যেবে মিথ্যা জগত উৎপত্তি নহে, তেৰে পুৰুষব স্বগুণময় নঘটে। জগত সত্য হৈলে কেমনে নঘটিব।

 তাত শুনা, তুমি সত্যৰ সকাশত পুৰুষৰে পৰা মিথ্যা প্ৰপঞ্চ প্ৰকাশ কৰে। তোমাৰ ৰূপ বুলিসে জ্ঞানী সবে প্ৰপঞ্চ কহে পৃথকে নকহে। যেন সুবৰ্ণৰ বিকাৰ কুণ্ডলাদিক লোকে সুবৰ্ণ বুলি ধৰে, তেমনে তযু কাৰ্য্য বিশ্বকো তুমি বুলি কহে। যদ্যপি আমি বেদে তোমাৰ জ্ঞানক সাক্ষাতে কহিছি, তথাপি যিতো মোক সেৱা কৰে, সেই সে মৃত্যু সংসাৰ তবে। তাভক্তক পুনু বেদ জড়িয়ে পশুক হেন বন্ধন কৰে এতেকে তোমত যি প্ৰীতি কৰিছে, সি পুনু আনক আপুনাক পবিত্ৰ কৰে। বিমুখ সবে পুনু আপুনাক নপাৱে, কেমনে আনক পৱিত্ৰ কৰিব। এতেকে জানিবা 'হৰি ভক্তি বিনে তপ জপ তীৰ্থ ব্ৰত, যাগ যজ্ঞাদি মোক্ষ নঘটে। হে ভগৱন্ত! তমি ইন্দ্ৰিয় সম্বন্ধ ৰহিত হৈলেৱো সৰ্বলোকৰ শক্তি ধৰা। এতেকে ব্ৰহ্মাদি তাপুন পক্ষ ইয়ো তোমাক সেৱা কৰে। যেন মণ্ডলপতিসবে মহাৰাজাক কৰ যোগাৱে, তেমনে দেৱগণে তোমাৰ আজ্ঞা কৰে। হে বিমুক্ত! যেমন তোমাৰ মায়! বিহাৰ কৰিতে ইচ্ছা হয়, তেমনে পূৰ্বকৰ্ম্ম অনুসাৰে স্থাবৰ জঙ্গম জীৱ সব জাত হয়। কৰ্ম্মানুসাৰে বিনে সম ঈশ্বৰত বিষম সৃষ্টি নঘটে। হে নিত্য যদি অনন্ত নিত।