পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৫১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

________________

কথা ভাগৱত। ৫০৭ ০৯ ৰ পানী শিলা বৃক্ষ পৰ্ব তত ভৰি দিলেও পৃথিবী এড়ি নাই, তেমনে কি কহন্তেও সৰ্বকাৰণ তোমাকেসে প্ৰতিপাদন কৰে। আত সন্তব সদাচাবে প্ৰমাণ দেখাওঁ। হে গুণ মায়াৰ অধিপতি, বিবেকীসবে তোমাক সৰ্বকাবণ জানি তোমাৰ কথামৃতসাগৰ সেৱা কৰি, সকল পাপ তাপ পৰিত্যাগ কবে, তবে তোমাৰ কথাই সব পাপ ত্যাগ হয়, তাক' কি বলি। সপ জ্ঞানে ৰাগ লোভাদি এড়ি সততে তোমাক সেৱা কৰে। এই দুই প্ৰকাৰে যি মনুষ্যে তোমাক নভজে, সি অৱশ্যে আত্মঘাতি অসূন। নাম নৰকত পৰে। যদি তোমাক ভজে তেৰে সফল জীৱন হয়। হান্যথা পুনু ভাঠি হেন নিশ্বাস কাটে। যদি বোলা ভক্ত জনবে। কামাদি সুখ দেখি, তাত শুনা। তুমি কাৰ্যকাৰণ সকল জগতকে অনুগ্ৰহ কৰিছ, এতেকে জীৱন হেতু তোমাৰ অনাদৰে বিষয় ভোগো নঘটে। অক সন্নময়, প্ৰাণময়, মনোময়, বিজ্ঞানময়, অনিন্দময়, এই পঞ্চ কোষতে প্ৰবেশ হুয়া সেই সেই ৰূপে প্ৰবেশ কৰা, তথাপি সেই সমে তোমাৰ সঙ্গ নাই, মতো সৰাতে পবব্ৰহ্ম, পশ্চাতে থিতি হুয়া যেন শাখা লক্ষ্য কৰি চন্দ্ৰক দেখাৱে, তেমন শুদ্ধ স্বৰূপ জনাইতে সে পঞ্চ কোষত প্ৰবেশ কৰে। কতো যোগীসবে ঋষি উপদেশে উদৰক অবলম্বি মণিপুৰ চক্ৰত তোমাক উপাসা কৰে। কোসবে হৃদয়ক তাবলম্বি সূক্ষাৰূপক চিন্তে। তবে সুষুম্নাদাৰে তোমাৰ স্বৰূপক পাৰে। যাক পায়। পুনু মৃত্যুৰ মুখ সংসাৰত নপড়ে। যদি বোলা মোৰ হৃদয় সম্বন্ধ হৈল, তেবে জীৱত কৰি কি বিশেষ হৈলো, তাত শুনা। যেন অগ্নি নানা কাষ্ঠতনানা ৰূপে প্ৰকাশ কবো, তুমিও তেমনে স্বসৃষ্ট নানা দেহত প্ৰবেশি নানা ৰূপে প্ৰকাশ কৰা। এতেকে বিনাশী দেহতো তোমাৰ স্বৰূপ সত্য সম একস, আক নিৰ্ম্মলমতি সবে জানে। এহি হেতু তোমাৰ উপাধি কূটৰ তাৰতম্য নাই। অখণ্ড ঐশ্বৰ্য্যে জীবব উপাস্য হৱা। এতেকে আমি বেদগণে তোমাৰ চৰণ ভজনক উপদেশ বোলো। আপুনাৰ কৰ্ম্মে উপাৰ্জিত নানা দেহত প্ৰবৰ্ত্তমান জীৱক সৰ্বশক্তিধৰ, তোমাৰ অংশ বুলি কহে। এমনে যাৰ স্বৰূপক বিবেকীসবে বিচাৰি অৰ্চন বন্দন কবি পৰম বিশ্বাসে তোমাৰ চৰণ উপাসা কৰে, যাত হন্তে সংসাৰ দূৰ হৱে। কতোসবে বোলয় ভক্তি অল্প পৰম সাধন, তাক তুচ্ছ মানি ভক্তিক গৰিষ্ঠ কৰে। হে ভগৱন্ত! বিৰলসবে তোমাৰ চৰিত্ৰ অমৃত শ্ৰবণ কীৰ্তন কৰি সকল শ্ৰমক দূৰ কবে, মোক্ষকে। ইছা নকৰে, তানক নকৰিব তাক কি বুলিবো। যাতে সাধু সঙ্গত কথাৰ সুখে পূৰ্বসিদ্ধ গৃহাদি সুখকো উপসা কৰিছে। এতেকে তোমাৰ কথামৃত সাগৰত বিহাৰ কৰিতে ধৰ্ম্ম তাপ কম মোক্ষকে। তৃণ হেন দেখে।